Local, Vocal, Global

Watch | The first executive meeting of the Karbi Anglong District ‘APCU’ was held: কাৰ্বি আংলং জিলা ‘আপকু’ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন

কাৰ্বি আংলং: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন’ চমুকৈ ‘আপকু’ৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ডকমকাৰ ভেলৌঘাটৰ জলপ্ৰপাত পৰ্যটনস্থলিত যোৱা বৃহস্পতি বাৰে সফল সামৰণি পৰে । কাৰ্বি আংলং জিলা ‘ আপকু’ৰ সভাপতি ছামছিং ক্ৰ’ৰ সভাপতিত্বত, আৰু সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীৰ উদ্দেশ্য ব্যাখ্যাৰে পৃথকে দুখন সভা অনুষ্ঠিত হয়।

প্ৰথম কাৰ্য্যসূচীত সাধাৰণ সভা আৰু দ্বিতীয় কাৰ্য্যসূচীত প্ৰথম কাৰ্যনিৰ্বাহক সভা । ডিফু, বোকাজান, হাৱাইপুৰ, হাওৰাঘাট, লাংহিন, ফুলনি, টুম্প্ৰেং , ধেন্টাঘাট, চামেলাংছ’ আদি বিভিন্ন ঠাইৰ পৰা বহু ন-পুৰণি সতীৰ্থ সাংবাদিক সকলৰ প্ৰতিনিধি উপস্হিত থাকে উক্ত অনুষ্ঠানত।এই দুয়োখন সভাতেই জিলাখনৰ সাংবাদিক তথা সেৱক সকলৰ সামগ্ৰীক উন্নয়ন ও সুৰক্ষাৰ হেতুকে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা দেখা যায় ।

একেদৰে ‘আপকু’ৰ কেন্দ্ৰীয় সমিতিৰ অনুমোদন সাপেক্ষে সৰ্বমুঠ ২৬ গৰাকী ন-পূৰণি সতীৰ্থ সাংবাদিকক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় আপকু’ৰ পৰিচয় পত্ৰ। উক্ত কাৰ্য্যনিৰ্বাহক সভাত উপস্হিত হোৱা প্ৰতিজন ন-পূৰণি সাংবাদিকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন ‘আপকু’ৰ সভাপতি ছামছিং ক্ৰ আৰু সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীৰ।