প্ৰতিকুল বতৰকো নেওচি প্ৰশাসনৰ উচ্ছেদ অভিযান, গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলাইছে উচ্ছেদ

নিউজ ডেস্ক, ১৩ মে’ – বৰবাৰী, শিলসাঁকো বিলৰ বৃহৎ এলেকাত প্ৰশাসনৰ উচ্ছেদ অভিযান। কেইবাখনো এক্সেভেটৰ বোলডʼজাৰৰ সহায়ত চলাইছে এই উচ্ছেদ।
উচ্ছেদক লৈ আবাসীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজুলী যোগান থকা ঠাইত কেনেকৈ উচ্ছেদ চলাইছে বুলি প্ৰশ্ন ভূক্তভূগী ৰাইজৰ।
সময় নিদিয়াকৈ উচ্ছেদ চলোৱাৰৰ বাবে প্ৰশাসনৰ ওপৰত অভিযোগ ভূক্তভূগীৰ। নিজৰ কষ্টৰ ধন ভাঙি নিৰ্মাণ কৰা সপোনৰ ঘৰখন চকুৰ সন্মুখতে ধ্বংসস্তুপত পৰিণত দেখি দুখত ভাগি পৰিছে সকলো।
মাটিৰ পত্তা দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত কোনো আগজাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰৰ বাবে ক্ষোভত ভাগি পৰিছে ভুক্তভোগী।
প্ৰশ্ন হয় এই সকল লোকৰ এতিয়া আশ্ৰয়স্থল কি হʼব? নিজৰ ঘৰখন ভাঙি পেলোৱাৰ পাছত চৰকাৰে তেওঁলোকৰ বাবে আশ্ৰয়স্থানৰ সুবিধা কৰি দিব নে ? তেওঁলোকৰ অশ্ৰুসিক্ত নয়নেৰে কোৱা কথাবোৰ কোনে শুনিব?