অৱশেষত কাগজকলৰ কৰ্মচাৰী সকলৰ মূখত হাঁহিৰ ৰেঙনি

নিউজ ডেস্ক, ১৩ মে’ -দীৰ্ঘ বছৰ ধৰি বন্ধ হৈ থকা কাছাৰ কাগজ কল ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰাৰ পিছতে এতিয়া আৰম্ভ হৈছে এই কাগজ কলৰ কৰ্মীসকলক পুনৰসংস্থাপন আৰু অনাদায় দৰমহা প্ৰদানৰ ব্যৱস্থা।
হাইলাকান্দি জিলাত আজিৰে পৰা আৰম্ভ হৈছে কাগজ কলৰ কৰ্মীসকলক পুনৰসংস্থাপন আৰু অনাদায় দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া।
প্ৰথম পৰ্যায়ত কাগজ কলৰ কৰ্মীসকলক আজি হাইলাকান্দি জিলাৰ আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থাকিবলৈ হাইলাকান্দি জিলা প্ৰশাসনে আগতীয়াকৈ এক জাননী প্ৰদান কৰিছিল।
আজি পুৱাৰ পৰাই কাছাৰ কাগজ কলত কৰ্মৰত বিভিন্ন শ্ৰেণীৰ কৰ্মীসকল উক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ প্ৰয়োজনীয় নথি, যেনে বেংক পাছবুক, আধাৰ কাৰ্ড, পেন কাৰ্ড, পৰিচয় পত্ৰ আদি জমা দিয়ে।
আনহাতে, যি সকল কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ নিকট আত্মীয়সকলেও নিজৰ বৈধ উত্তৰাধিকাৰীৰ তথ্য চৰকাৰৰ হাতত তুলি দিছে।
ইয়াৰ উপৰিও যিসকল কৰ্মচাৰী ৰাজ্যৰ বাহিৰত আছে, তেওঁলোকক অহা ১৯ তাৰিখে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়া হৈছে।
সম্প্ৰতি, কাগজ কলৰ কৰ্মীসকলে ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাক স্বাগতম জনাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ।