আমগুৰিৰ সৌৰশক্তি পাৰ্ক’ৰ শুভাৰম্ভ
নিউজ ডেস্ক, ৩১ মে’- ৰাজ্যবাসীৰ বাবে সুখবৰ! সফল সমাপ্তি আমগুৰিৰ ৭০ মেগাৱাট শক্তিসম্পন্ন ‘সৌৰশক্তি পাৰ্ক’(Solar Power Park)ৰ নিৰ্মাণ কাৰ্য। সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মঙলবাৰে ৰাজ্যত শুভাৰম্ভ কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আমগুৰিস্থিত সৌৰশক্তি প্ৰকল্পটো শুভ উদ্বোধন কৰিব। বৰ্তমানলৈ প্ৰকল্পটোত ৭০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব ৷ পৰৱৰ্তী সময়ত আৰু ৩০ মেগাৱাট শক্তি বৃদ্ধি কৰি ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ’ব ১০০ মেগাৱাটলৈ ৷
উল্লেখ্য যে, অসম চুক্তি(Assam Accord)ৰ অধীনত ১৯৯০ চনতে অসম গণ পৰিষদ(AGP) চৰকাৰৰ আমোলত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত(Prafulla Kumar Mahanta)ই আমগুৰিৰ এই স্থানতে ৩৬০ মেগাৱাট শক্তিসম্পন্ন গেছ ভিত্তিক এক তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । ৰাজনৈতিক মেৰপাকত এই প্ৰকল্প আমগুৰিবাসীৰ বাবে কেৱল এক সপোন হৈ পৰে ।
পৰৱৰ্তী সময়ত সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা(Pradip Hazarika)ৰ আশাশুধীয়া প্ৰচেষ্টাৰ লগতে শাসনাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ সদিচ্ছাৰ ফলশ্ৰুতিত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত সেইসময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)য়ে পূৰ্বৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰিৱৰ্তে এই সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।
যোৱাটো বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জাঁজীৰ এক নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই আমগুৰি সমষ্টিৰ পৰা প্ৰদীপ হাজৰিকাক জয়যুক্ত কৰিলে সমষ্টিবাসীক সৌৰশক্তি প্ৰকল্প উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আমগুৰিস্থিত সৌৰশক্তি প্ৰকল্পটো শুভ উদ্বোধন কৰিব।
প্ৰকল্প স্থানৰ পৰা উৎপাদিত বিদ্যুৎ সৰবৰাহৰ বাবে নামৰূপ-মৰিয়নী সংযোগী বৈদ্যুতিক লাইনৰ কাম-কাজো সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে আজি প্ৰকল্পটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব শক্তি মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ।