দক্ষিণ কামৰূপত চাঞ্চল্যকৰ হত্যাকাণ্ড
নিউজ ডেস্ক, ৩১ মে’- বিভিন্ন সময়ত ৰাজ্যত ন বোৱাৰীক অত্যাচাৰ বা হত্যাকাণ্ডৰ দৰে ঘটনা পোহৰলৈ আহে। নতুবা স্বামী তথা পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লোৱা ঘটনা সম্প্ৰতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
মঙলবাৰেও দক্ষিণ কামৰূপৰ তেনে এটা ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰিছে।
দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ গছপোতা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনা। ন-বোৱাৰীক ডিঙি চেপি হত্যা স্বামী পৰিয়ালৰ।
অভিযোগ অনুসৰি জেছমিন খাতুন নামৰ ন-বোৱাৰীক স্বামী পৰিয়ালে ডিঙি চেপি হত্যা কৰিছে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত জোৰশিমুলী আৰক্ষী উৰস্থিত হৈ জেছমিন খাতুনৰ স্বামী আৰু শাহু-শহুৰেক হাবিজুৰ হক, ছামছুল হক, হাজেৰা খাতুনক গ্রেপ্তাৰ কৰিছে ।
সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে।