Local, Vocal, Global

Watch |Tezpur’s Nopam’s lychee cultivation has gained widespread recognition: তেজপুৰ নপামৰ লিচু খেতিয়ে লাভ কৰিছে ব্যাপক চৰ্চা

জামুগুৰিহাট: তেজপুৰ নপামৰ লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ । বম্বয়া,বিলাতী ইলাইচি,চাহী,লঙীয়া, পিয়াজী,কাঠ বম্বইয়া আদিকে ধৰি সাতটাকৈ প্ৰজাতিৰ লিচু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বজাৰত বিশেষ চাহিদা লাভ কৰিছে ৷
বিশেষ সোৱাদযুক্ত এই লিচু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য সমুহৰ উপৰিও বিদেশলৈকো ৰপ্তানি হৈছে ৷ মুঠ চাৰিশ জোপা গছৰ পৰা উৎপাদিত লিচু সমুহৰ প্ৰতিটো লিচুৰ মূল্য চাহিয়া লিচু ৭(সাত) টকাৰ পৰা আৰম্ভ কৰি ইলাইচী লিচু ১০ (দহ)টকা, পিঁয়াজী লিচু ১৫ (পোন্ধৰ)টকা, বিলাইতী লিচু ৩৫ (পয়ত্ৰিশ)টকা আৰু বোম্বাইয়া লিচু ৮০ টকা প্ৰৰ্য্যন্ত দৰত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ৷
বিশেষ সোঁৱাদ যুক্ত এই লিচু বিভিন্ন প্ৰান্তৰ লোক সকলে আহি লিচু বাগান খনৰ পৰা ক্ৰয় কৰি নিয়াৰ উপৰি পাইকাৰী হাৰত ব্যৱসায়ী সকলে ক্ৰয় কৰি নিয়াও পৰিলক্ষিত হৈছে৷