Local, Vocal, Global

২৫ সংখ্যক আন্ত:জিলা চিনিয়ৰ মহিলা ফুটবলত জয়ী তেজপুৰ জিলা

নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : অসম ফুটবল সন্থাৰ তত্বাৱধানত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত, ডুমডুমা ক্ৰীড়া সন্থাৰ উদ্যোগত, তালাপ-কৰদৈগুৰি অঞ্চলিক ক্ৰীড়া সন্থা আৰু ডাঙৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত স্বৰ্গীয় গোবিন্দ ৰাম মৌৰ আৰু বানাৰশী দেৱী সোঁৱৰণী ২৫ সংখ্যক আন্ত:জিলা চিনিয়ৰ মহিলা দিবা-নৈশ ফুটবলৰ বৃহস্পতিবাৰে নিশা চূড়ান্ত প্ৰতিযেগিতা অনুষ্ঠিত হয়।

প্ৰতিযেগিতাৰ চূড়াম্ত খেলখন অনুষ্ঠিত হয় ডিব্ৰুগড় বনাম তেজপুৰ ছোৱালী দলৰ মাজত।নৈশ লোকত অনুষ্ঠিত হোৱা ফাইনেল খেল চাবলৈ হাজাৰ হাজাৰ দৰ্শকে লোকাৰন্য হৈ পৰা ডুমডুমা নগৰ খেলপথাৰত ষ্টেডিয়ামত।ফাইনেল খেলত ৫-১ গলৰ ব্যৱধানত তেজপুৰ ছোৱালী দলে ডিব্ৰুগড় ছোৱালী দলক পৰাজিত কৰি আন্তঃজিলা ছোৱালী চিনিয়ৰ খিতাপ দখল কৰে।

মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়া ফাইনেল খেল উদ্ধোধন কৰাৰ লগতে দেৱেন ডেকা আৰু অভিজিৎ খাটনিয়াৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ ক্ৰীড়াজ্যোতি উন্মোচন কৰে সাংসদ গৰাকীয়ে।চুড়ান্ত খেলখনত ডুমডুমাৰ বিধায়ক, ৰাজহ চক্ৰ বিষয়া, আছুৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, ফুটবল সন্থা, ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে ।