Local, Vocal, Global

নতুন চাকৰি কেলেংকাৰি! ভিক্টৰে ক’লে, ‘মই ভাগৰা নাই!’

নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে ২৬ হাজাৰ চাকৰিৰ দুৰ্নীতিৰ প্ৰসংগ। শুকুৰবাৰে দুপৰীয়াৰ ভাগত অভিযোগ উত্থাপনকাৰী ভিক্টৰ দাস পাণবজাৰ থানাত হাজিৰ হোৱাৰ পিছতে বিষয়টোৱে নাটকীয় ৰূপ ধাৰণ কৰে।

বহু সময় ধৰি জেৰা চলোৱাৰ অন্তত বাহিৰলৈ ওলাই আহি ভিক্টৰ দাসে সাংবাদিকৰ আগত কয়, ‘মই ভাগৰা নাই, কেতিয়াও নাভাগাৰো।’ অভিযোগকাৰী দাসে তেওঁৰ হাতত থকা সকলো তথ্য-প্ৰমাণ আৰক্ষীক প্ৰদান কৰিব বুলিও মন্তব্য কৰে।

ইফালে, জেৰাৰ পিছতে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হব পাৰে বুলিও চৰ্চা চলিছে। অৱশ্যে বাতৰি লিখা পৰলৈকে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হোৱা নাই। শেহতীয়া খবৰ অনুযায়ী আৰক্ষীয়ে ভিক্টৰ দাসক অভিযোগৰ উৎসৰ স্থানসমূহ দেখুৱাবলৈ কোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য টুইটযোগে বৃহস্পতিবাৰে ২৩ আৰু ২৮ আগষ্টত অনুষ্ঠিত তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি দাবী কৰিছিল ভিক্টৰ দাসে। ইয়াৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে অসম আৰক্ষীয়ে।

ভিক্টৰ দাসে জেৰাকালত আৰক্ষীক দাখিল কৰা তথ্য-প্ৰমাণ সন্দৰ্ভত ক্ৰছ ভেৰিফিকেশ্যন চলাই থকা বুলিও জানিব পৰা গৈছে। ইয়াৰ মাজতে অভিযোগকাৰী দাসে ‘মই ভাগৰা নাই, কেতিয়াও নাভাগাৰো’ বুলি কৰা মন্তব্যই বিশেষ তাপৎৰ্য বহন কৰিছে।