Local, Vocal, Global

তেজপুৰত উদ্ধাৰ বানত দিশহাৰা হোৱা পহু

ৰাজ্যৰ চৌদিশে বানৰ বিভীষিকা। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা পহুয়ে বিগত সপ্তাহটো তেজপুৰবাসী ৰাইজক উৎকণ্ঠা সৃষ্টি কৰিছিল। আজি পুৱা পহুটো তেজপুৰৰ কেকোৰাপুলত এটা পিটনি আৱদ্ধ হৈ পৰে। কিন্তু প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীৰ তৎপৰতা পহুটো সুকলমে উদ্ধাৰ কৰে। পিছত পহুটো ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়ে স্থানীয় ৰাইজে।