Local, Vocal, Global

পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ টাৰ্গেট হিন্দু

নিউজ ডেস্ক, ৩১ মে’- পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ টাৰ্গেট হিন্দু। কাশ্মীৰত ৰজনী ভল্লা নামৰ এগৰাকী শিক্ষয়িত্ৰীক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। কাশ্মীৰৰ কুলগাম অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।

শিক্ষয়িত্ৰী গৰাকীৰ বয়স ৩৬ বছৰ।

বৰ্তমান সময়লৈকে হত্যাকাণ্ডটোত কোন জড়িত আছে জানিব পৰা হোৱা নাই।

বিগত এমাহত কাশ্মীৰত হিন্দুৰ ওপৰত তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।

চলিত মাহত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে চৰকাৰী কৰ্মচাৰী ৰাহুল ভটক গুলীয়াই হত্যা কৰিছিল।

আনহাতে কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ জনপ্ৰিয় অভিনেত্ৰী আমৰীন সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ‘লস্কৰ’ৰ তিনিজন সন্ত্ৰাসবাদী এই জঘন্য সন্ত্ৰাসবাদী ঘটনাত জড়িত আছিল ।