Local, Vocal, Global

Terrorist killed in Jammu And Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ

নেশ্য়নেল ডেস্ক, ২৭জুন : জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ।মঙলবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদী সংঘৰ্ষ হয় আৰু সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী আৰু আহত হয় এগৰাকী সুৰক্ষাকৰ্মীও (Terrorist Killed In Encounter In Jammu And Kashmirs Kulgam)।

প্ৰাপ্ত তথ্য় অনুসৰি, জম্মু কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰক্ষীৰ অভিযান চলাই। সেনাই কাশ্মীৰৰ কুলগামত আৰম্ভ কৰিছে অপাৰেশ্যন অল আউট । আৰু এই অভিযানত নিহত হয় এজন সন্ত্ৰাসবাদী । লগতে এই অভিযানত সুৰক্ষাবাহিনীৰে সন্ত্ৰাসবাদীৰ হোৱা সংঘৰ্ষত এজন আৰক্ষী জোৱানো আহত হৈছে বুলি জানিব পৰা গৈছে (Terrorist killed in Jammu)।

ঘটনা সন্দৰ্ভত জন্মু কাশ্মীৰ আৰক্ষীয়ে কয় যে, কাশ্মীৰৰ কুলগাম জিলাৰ হুওৰা গাঁৱত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদী সংঘৰ্ষ সৃষ্টি হৈছে । আৰক্ষীয়ে ইয়াত সন্ত্ৰীসবাদী লোক লুকাই থকাৰ খবৰ পাইছে । ইয়াৰ পাছতে সুৰক্ষাকৰ্মীয়ে সুযোগ বুজি অঞ্চলটো ঘেৰাও কৰিছিল। তাৰ পাছতেই দুয়ো পক্ষৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ। এই সংঘৰ্ষতে জম্মু কাশ্মীৰৰ এজন আৰক্ষী জোৱান আহত হয়। তাৰ পাছতে এজন স্থানীয় সন্ত্ৰাসবাদী নিহত হয় (Terrorist killed in Jammu And Kashmir)।

‘কাশ্মীৰ জ’ন’ আৰক্ষীয়ে টুইট কৰে আৰু এই সংঘৰ্ষৰ কথা সদৰী কৰে ৷ অৱশ্যে এতিয়াও নিহত সন্ত্ৰাসবাদীটোৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ নিহত সন্ত্ৰাসবাদীটো কোন সংগঠনৰ সৈতে জড়িত সেয়াও জানিব পৰা হোৱা নাই ৷ সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু অস্ত্ৰ-শস্ত্ৰ আৰু বহু আপত্তিজনক নথিপত্ৰ ৷ এতিয়াও অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক : Firing in Nagaon: নগাঁৱত চাঞ্চল্যকৰ গুলীচালনা, দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী