Terrible accident in Madhya Pradesh : নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা তীব্ৰ বেগী বাহনৰ ফলত মৃত্যু ৫জনকৈ লোকৰ

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ : শোকাৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা তীব্ৰ বেগী বাহনৰ ফলত মৃত্যু ৫জনকৈ লোকৰ(Terrible accident in Madhya Pradesh) ।
উল্লেখ্য যে দেওবাৰে নিশা সংঘটিত হৈছে এই মৰ্মন্তিক দুৰ্ঘটনাটো । দেওবাৰে মধ্যপ্ৰদেশৰ উমৰিয়া জিলাৰ ঘুংঘুটি আউটপোষ্টৰ অধীনত সংঘটিত হয় দুৰ্ঘটনাটো । জন্মদিনৰ অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু সাৱতি লয় লোককেইজনে ৷ মাদাৰী ধাবাত জন্মদিন উদযাপনৰ বাবে আটাইকেইজনে পথচোৱাৰে গৈছিল ৷ কিন্তু তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা আঁতৰত থকা এজোপা গছত খুন্দা মাৰে ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়(5 killed after car collides with tree in MP’s Umaria) ৷
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজনক উদ্ধাৰ কৰে । জানিব পৰা মতে,ঘটনাস্থলীত থিতাতে নিহত হয় তিনিগৰাকী। বাকী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আহতলোক দুজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ যোৱাৰ পথত প্ৰাণ হেৰুৱাই(5 killed after speeding car collides with tree on NH 43 in Madhya Pradesh) ।
দুৰ্ঘটনাটোত মৃত হোৱা লোকসকলৰ ভিতৰত আছে শ্বাহদলৰ খনিজ বিভাগত পৰিদৰ্শক পদবীত থকা পুষ্পেন্দ্ৰ ত্ৰিপাঠী আৰু নিষ্ঠাবান লোকসেৱা প্ৰবন্ধক অবিনাশ ডুবে শ্বাহিদ বুলি জানিব পৰা গৈছে ।
এছ ডি অ’ পি পালিয়ে জানিব দিয়া অনুসৰি, ঘটনাস্থলীতে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাইছে ৷ বাকী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও আহত লোকদুজনক শ্বাহদোল জিলা চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত পথতে মৃত্যুক সাৱতি লয় । শ্বাহদল জিলাৰ খনিজ বিভাগত কৰ্মৰত পৰিদৰ্শক পুষ্পেন্দ্ৰ ত্ৰিপাঠী আৰু কালেক্টৰেট কাৰ্যালয়ত কৰ্মৰত লোকসেৱা প্ৰবন্ধক অবিনাশ ডুবেৰ উপৰিও আন তিনিজন ব্যক্তিয়ে মৃত্যু ঘটে দুৰ্ঘটনাটোত ৷ মাদাৰী ধাবাত জন্মদিন উদযাপনৰ বাবে আটাইকেইজনে পথচোৱাৰে গৈছিল ৷ তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতহে মৃতদেহ শোকসন্তপ্ত পৰিয়ালক গটাই দিয়া হ’ব ।
লগতে পঢ়ক :Horrific road accident : ভয়ংকৰ দুৰ্ঘটনা,২০০ ফুট তলত বাগৰি পৰিল বাহন