Local, Vocal, Global

Dacoit arrested with pistol : নগাঁৱত আটক দুই দুৰ্ধৰ্ষ ডকাইত,ধাবাত বহি ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আটক শ্বৰিফুল-ছহিদুল

নিউজ ডেস্ক, ২৫ছেপ্টেম্বৰ : অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী । আৰক্ষীয়ে দিনে নিশাই অপৰাধীৰ বিৰুদ্ধে নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া অব্য়াহত ৰাখিছে । তাৰ মাজতে নগাঁৱত আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে । নগাঁৱত আৰক্ষীয়ে দিনে নিশাই চলাই আছে অপৰাধীৰ বিৰুদ্ধে অভিযান । দেওবাৰে নিশা নগাঁও আৰক্ষীৰ অভিযানত আৰক্ষীৰ জালত পৰে দুই কুখ্যাত ডকাইত ।

উল্লেখ্য যে, দেওবাৰে নিশা ৰূপহীহাটৰ কৰৈয়নীত থকা সোৱণশিৰিৰ ডাবাত বহি দুই কুখ্যাত ডকাইতে ডকাইতিৰ পৰিকল্পনা কৰি আছিল । এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে খবৰ লাভ কৰিছিল । মাৰণাস্ত্ৰৰে সু সজ্জিত হৈ ডকাইতিৰ পৰিকল্পনা কৰি আছিল ডকাইত দুজনে(Decoit arrested with pistol) ।

উক্ত খবৰৰ ভিত্তিতেই ৰূপহীহাটৰ কৰৈয়নীৰ সোৱণশিৰি ডাবাত দেওবাৰে নিশাই চলিল নগাঁও আৰক্ষীৰ অভিযান । নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পার্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সোৱণশিৰি ডাবাত চলোৱা এই অভিযান । অভিযানত আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুটা দুধৰ্ষ ডকাইতক । ধৃত ডকাইত দুটাৰ পৰা এটা 7.65MM পিষ্টলসহ দুজাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে(Decoit arrested with pistol in Nagaon) ।

ধৃত ডকাইত দুটা নগাঁও চিলঙনীৰ শ্বৰিফুল ইছলাম আৰু ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে । ইফালে দুয়ো অভিযুক্তকে আটক কৰি নিশাই নগাঁৱলৈ লৈ আনে নগাঁও আৰক্ষীয়ে । ধৃত ডকাইত দুটাক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক :Drugs paddler arrested : বোকাজানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ