Watch | Teok news: টীয়কত দৈনিক বাতৰি কাকতৰ টোপোলা চোৰ

টীয়ক: টীয়কত এইবাৰ চোৰৰ চকু দৈনিক বাতৰি কাকতৰ টোপোলাত। হয়,অসমৰ বিভিন্ন দৈনিক বাতৰি কাকতৰ প্ৰতিষ্ঠানসমূহে সমগ্ৰ অসমৰ বিভিন্ন জিলাত পুৱাই যাতে পঢ়ুৱৈয়ে বাতৰি কাকতখন পাই তাৰ উদ্দশ্যে ওৰে নিশা জাগি প্ৰতিটো অঞ্চলতে বাতৰি কাকতখন যোগানৰ দিহা কৰে।বিভিন্ন স্থানৰ পথৰ কাষত পুৱতি নিশাই পেলাই থৈ যায় লক্ষ্য লক্ষ্য টকাৰ বাতৰি কাকতৰ টোপোলা আৰু সেই টোপোলাসমূহ নিদিষ্ট হকাৰে লৈ ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰি পঢ়ুৱৈক যোগান ধৰে আৰু এই হকাৰ বৃত্তিৰে জীৱন জীৱিকাৰ পথ মুকলি কৰিছে বহুজন যুৱপ্ৰজন্মই।
এয়া টীয়কৰ পুৰণাবেংক তিনিআলিৰ ঘটনা। আজিৰ তিনিদিনমানৰ পৰা এই কাকতৰ টোপোলাসমূহ হেৰুৱাৰ ফলত টীয়কৰ এজন চিৰপৰিচিত হকাৰ পবিত্ৰ শইকীয়াই কাকতসমূহ চিচি কেমেৰা সংযোজিত অঞ্চলত পেলাবলৈ প্ৰতিষ্ঠানসমূহক আহ্বান জনাই।আজি পুৱতি নিশা পুনৰ কাকতৰ টোপোলা নিদিষ্ট স্থানত নেদেখি চিচি কেমেৰা চাই পৰৱৰ্তীসময়ত টীয়কৰ পেট্ৰ’ল ডিপুৰ সমীপৰ পৰা ভঙা টিন লোহা বেটাৰী এটাৰ পৰা ৰাইজৰ সহযোগত টোপোলাবোৰ উদ্ধাৰ কৰে আৰু আৰক্ষীক খবৰ দিয়ে।
চোৰটোৰ নাম ৰাজেন আলি আৰু মুদৈজানৰ ৰাতু নামৰ এজন ব্যক্তিক সামগ্ৰীবোৰ যোগান ধৰে বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে চোৰটোৰ লগত কেইবাখনো দাৰ লগতে লোহাৰ সামগ্ৰীও ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু ভঙা লোহা টিন বেপাৰৰ নামত সুযোগ বুজি এইদৰে পুৱাই ঘৰে ঘৰে লুটপাত চলাই বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।সেয়ে এই ক্ষেত্ৰত আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে টীয়কয়া ৰাইজে।
লগতে পঢ়ক : Watch | Rangia murder case: ৰঙিয়াত হত্যাকাৰীক লগত লৈ অপৰাধ স্থলীত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন