WATCH | Teok News : টীয়কত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান
টীয়ক,১০মে’ : টীয়ক নগৰৰ মাজমজিয়াস্থিত নিউ মাৰ্কেটৰ টীয়ক ট্ৰেডাৰ্চ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি হোৱা ঘটনাই সমগ্ৰ নগৰাঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, টীয়ক ট্ৰেডাৰ্চৰ স্বত্বাধিকাৰী মোহন বৰা এক ব্যক্তিগত কামত দোকানৰ পৰা মাত্ৰ পাঁচ মিনিটৰ বাবে ওলাই যাওঁতেই চোৰে দোকানত কোনো নথকাৰ সুযোগ লৈ ধনৰ বাকচ খুলি প্ৰায় ৫৫০০০/- নগদ ধন লৈ উধাও হয়।
পৰৱৰ্তী সময়ত বৰাই চিচি কেমাৰত এজন হেলমেট পৰিধান কৰা যুৱকে এই ঘটনা সংঘটিত কৰা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীৰ কাষ চাপে যদিও হেলমেট পৰিধান কৰাৰ বাবে মুখমণ্ডল অস্পষ্ট হোৱাত আৰক্ষীয়ে এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই(Teok News)।
ইপিনে ইমান জনবহুল এলেকাত সুপৰিকল্পিতভাৱে হেলমেট পিন্ধি চোৰ কৰিবলৈ সাহস কৰা ঘটনাটো স্বত্বাধিকাৰ বৰাৰ লগতে নগৰবাসীয়ে সহজভাৱে ল’ব পৰা নাই।
উল্লেখযোগ্য যে আজিৰ পৰা কিছুদিনৰ পূৰ্বে অনুৰূপ ঘটনা টীয়কৰ বলমা চাৰিআলিৰ সমীপৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছিল। সেয়ে খোজকঢ়া অৱস্থাত হেলমেট পৰিধান কৰা ব্যক্তিক দেখিলে ৰাইজক সজাগ হ’বলৈ তথা প্ৰশাসনক সুধা পোচা কৰিবলৈ আহ্বান জনাইছে মোহন বৰাই।
লগতে পঢ়ক : WATCH | Chenab River News : ভাৰতে খুলি দিলে চেনাব নদীৰ ওপৰত থকা ছালাল বান্ধৰ সকলো গেট