Watch | Teok news: এটা দশকৰো অধিক কাল নিৰৱিচ্ছিন্ন ভাৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা, অভিযান চলাই সমাদৰ লাভ কৰিবলৈ সক্ষম
টিয়ক: যোৰহাট জিলাৰ চেলেংহাটৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী তুষাৰ পালে এটা দশকৰো অধিক কাল ড্ৰাগছৰ বিৰুদ্ধে নিৰবিচ্ছিন্ন ভাৱে অভিযান চলাই ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
পালে ড্ৰাগছ ৰ ওপৰত কিতাপ প্ৰকাশ কৰা লগতে ,কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি সমাজৰ মাজত সজাগতা সৃষ্টি কৰা লগতে অসম তথা ভাৰত বৰ্ষৰ বহু কেইখন ৰাজ্যত ড্ৰাগছ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছে ।
উল্লেখ যে ২০১৬ চনৰ পৰা ড্ৰাগছ ৰ বিৰুদ্ধে গাঁৱে চহৰে সজাগতা, বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি ড্ৰাগছ আসক্ত যুৱ প্ৰজন্মক মূল পথলৈ ঘূৰাই অনাত নিৰবিছিন্ন সংগ্ৰাম অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত অসম তথা ভাৰত বৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সন্মান প্ৰদান জনাইছে এই গৰাকী ব্যক্তিক ।