Local, Vocal, Global

Temple Wall Collapses In Madhya ‍Pradesh : খহি পৰিল শিৱলিংগ বনাই থকা মন্দিৰৰ দেৱাল; নিহত ৯জন শিশু

নেশ্যনেল ডেস্ক,৪আগষ্ট : মধ্যপ্ৰদেশত শোকাৱহ ঘটনা ৷ দেওবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ শ্বাহপুৰত মন্দিৰৰ এখন দেৱাল খহি পৰে(Temple Wall Collapses In Madhya ‍Pradesh) । হঠাৎ খহি পৰে প্ৰায় ৫০ বছৰীয়া পুৰণি বেৰখন। এই ভয়ংকৰ ঘটনাৰ ফলত ফলত ৯ টাকৈ শিশু-কিশোৰৰ মৃত্যু হয় বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে(9 children killed as wall collapses during religious event in Madhya Pradesh) ।

জানিবলৈ পোৱা মতে, দেওবাৰে পুৱা প্ৰায় ১০ বজাত শিৱলিংগ স্থাপনৰ কাৰ্যসূচী চলি আছিল। মাটিৰ শিৱ লিংগ নিৰ্মাণ কৰিবলৈ বহু স্থানীয় শিশু-কিশোৰ উক্ত স্থানত গোট খাইছিল । তাৰ পাচত হঠাতে মাটিৰ বেৰ এখন খহি পৰে ৷ ফলত তাৰ তলত পোত যায় ৯ টাকৈ কিশোৰ ।

সাগৰৰ সংমণ্ডল আয়ুক্ত বীৰেন্দ্ৰ সিং ৰাৱটে সংবাদ মাধ্যমৰ আগত জনায় যে দেৱাল ভাঙি পৰা ঘটনাৰ ফলত মৃত্যু হোৱা শিশু-কিশোৰকেইটা ১০ ৰ পৰা ১৫ বছৰ বয়সৰ হ’ব ।

শ্বাহপুৰ নগৰৰ স্থানীয় লোকে জনোৱা তথ্য অনুসৰি কুটি মন্দিৰৰ সমীপত শিৱ লিংগ নিৰ্মাণ কৰি আছিল শিশু-কিশোৰকেইজনে ৷ মন্দিৰৰ কাষৰ এখন মাটিৰ দেৱালত ভেজা দি বহি থকা সময়তে মাটিৰ বেৰ এখন ভাঙি তাৰ তলত কিশোৰকেইজন সোমাই পৰে । স্থানীয় লোকে সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে অশেষ চেষ্টাৰ অন্তত কেইজনমানক বচাবলৈ সক্ষম হয় ৷ কিন্তু উক্ত ঘটনাৰ ফলত ৯ জন শিশু-কিশোৰৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে(9 Children Killed After Temple Wall Collapses In Madhya ‍Pradesh’s Sagar) ৷

এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ।মুখ্যমন্ত্ৰী মোহন যাদৱে X যোগে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাই ৷লগতে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য ঘোষণা কৰে ।

লগতে পঢ়ক : Cloudburst in Jammu and Kashmir :জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ডাৱৰ বিস্ফোৰণ;বন্ধ শ্ৰীনগৰ-লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ