Local, Vocal, Global

Cloudburst in Jammu and Kashmir :জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ডাৱৰ বিস্ফোৰণ;বন্ধ শ্ৰীনগৰ-লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

নিউজ ডেস্ক,৪আগষ্ট : জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ডাৱৰ বিস্ফোৰণ(Cloudburst in Jammu and Kashmir)। ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাহত হয় জনজীৱন । ডাৱৰ বিস্ফোৰণ ফলত ক্ষতিগ্ৰস্ত হয় বাট-পথ। বন্ধ হৈ পৰিছে শ্ৰীনগৰ-লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ।

ট্ৰেফিক কণ্ট্ৰোল ৰূমৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি , ‘‘গান্দেৰবাল জিলাৰ কাচেৰৱানত পথৰ ক্ষতিৰ বাবে পৰৱৰ্তী জাননী নোপোৱালৈকে শ্ৰীনগৰ-লেহ পথৰ যান-বাহন চলাচল স্থগিত ৰখা হৈছে।’’ তেওঁ কয় যে মাজনিশা ডাৱৰ বিস্ফোৰণৰ ফলত ৰাস্তাটো ক্ষতিগ্ৰস্ত হৈছে(Cloudburst in Jammu and Kashmir; Srinagar-Leh highway closed)।

এজন আৰক্ষী বিষয়াই কয় যে ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানৰ ফলত আৱাসিক ঘৰকে ধৰি কিছুমান অট্টালিকাও ক্ষতিগ্ৰস্ত হৈছে। কৰ্তৃপক্ষই প্ৰয়োজনীয় লোকসকলক সহায় আগবঢ়োৱাৰ বাবে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বুলি বিষয়াজনে সদৰী কৰে।

ঘাইপথটো বন্ধ হোৱাৰ ফলত লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কাশ্মীৰ উপত্যকা বিচ্ছিন্ন হৈ পৰিছে। আনহাতে. অমৰনাথ যাত্ৰাৰ বাবে Baltal base campটোও দুৰ্গম হৈ পৰিছে।

লগতে পঢ়ক : Bihar CM Nitish Kumar’s office receives bomb threat email : মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি