Local, Vocal, Global

WATCH | Teenager went missing while bathing in the river : ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

বৰপেটা,২৬এপ্ৰিল : বৰপেটা জিলাৰ বহৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।

সন্ধানহীন কিশোৰ দুগৰাকী তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰিৰ মণ্ডল পাৰাৰ মহেশ তালুকদাৰৰ ১৫ বছৰীয়া পুত্ৰ কাৰ্তিক তালুকদাৰ আৰু বহৰি চৌধুৰী পাৰাৰ বিজয় চৌধুৰীৰ ১৬ বছৰীয়া পুত্ৰ অমিত চৌধুৰী। অমিত চৌধুৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। আনহাতে কাৰ্তিক তালুকদাৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।

জানিব পৰা মতে, কাৰ্তিক তালুকদাৰে বিদ্যালয়ৰ পৰা আহি বন্ধু অমিত চৌধুৰীৰ সতে নদীৰ পাৰলৈ গৈছিল। দুপৰীয়া প্ৰায় এক মান বজাত দুই বন্ধুই বহৰিৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা এডাল গছৰ তলত মবাইলত গেম খেলিছিল। তাৰ পাছত মোবাইল আৰু অন্যান্য সামগ্ৰী নৈৰ পাৰত গা ধুবলৈ ব্ৰহ্মপুত্ৰৰ পানীত নামিছিল দুই কিশোৰে। ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত কিশোৰ দুগৰাকী উটি যোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। ওচৰতে গা ধুই থকা আন যুৱকে দুয়োকে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়(Teenager went missing while bathing in the river)।

লগে লগে ঘটনা সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় তাৰাবাৰী আৰক্ষী। ঘটনাস্থলীত এচ ডি আৰ এফ বাহিনী উপস্থিত হৈ কিশোৰ দুগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। ঘটনাক লৈ অঞ্চলজুৰি শোকাৱল পৰিৱেশে বিৰাজ কৰে।

লগতে পঢ়ক : WATCH | Panchayat Election : সোণাপুৰ গাঁও পঞ্চায়তৰ নিদলীয় প্ৰাৰ্থী নিতু কলিতাৰ নিৰ্বাচনী প্ৰচাৰ