Local, Vocal, Global

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় ক্ৰিকেটাৰে নিব পাৰিব পৰিয়াল

অষ্ট্ৰেলিয়া ভ্ৰমণ কালত পত্নী-পৰিয়ালক লগত নিব পাৰিব ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকলে। BCCI ৰ সভাপতি সৌৰভ গাংগুলীৰ সন্মতি সাপেক্ষে মৌখিক ভাবে এই অনুমতি দিছে ভাৰতীয় ক্ৰিকেট বোৰ্ডে। IPLৰ অন্ত পৰিলেই আঢ়ৈ মাহজোৰা  অষ্ট্ৰেলিয়া ভ্ৰমনলৈ যাব টীম ইণ্ডিয়া। সেই ভ্ৰমণ কালত ভাৰতীয় ক্ৰিকেটাৰ সকলৰ পৰিয়ালক থকাৰ সুবিধা কৰি দিবলৈ অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বোৰ্ডক অনুৰোধ জনাইছিল BCCI ৰ সভাপতি সৌৰভ গাংগুলীয়ে। ভাৰতীয় বোৰ্ডৰ সেই অনুৰোধ মানি লৈছে ক্ৰিকেট অষ্ট্ৰেলিয়াই ।

কৰ’নাৰ বাবে প্ৰথমে অষ্ট্ৰেলিয়া ভ্ৰমণ কালত পত্নী তথা পৰিয়ালৰ সদস্যক লগত নিয়াৰ অনুমতি দিয়া নাছিল  BCCI য়ে। পৰবৰ্তী সময়ত একাংশ জ্যেষ্ঠ খেলুৱৈৰ অনুৰোধত সিদ্ধান্ত সলনি কৰে বোৰ্ডে। IPL তো একাংশ ক্ৰিকেটাৰে লগত লৈ গৈছে পৰিয়াল।

১০ নবেম্বৰত IPL ৰ ফাইনেলৰ পিছদিনাই অষ্ট্ৰেলিয়া অভিমুখে উৰা মাৰিব টীম ইণ্ডিয়াই। অষ্ট্ৰেলিয়াত উপস্থিত হৈ থাকিব লাগিব কোৱাৰেন্টাইনত। অৱশ্যে সেই সময়তো অনুশীলন চলাই নিব পাৰিব বিৰাট কোহলীৰ দলে।