Local, Vocal, Global

Watch | Teacher Draws Salary Without Teaching: শিক্ষয়িত্ৰীৰ নাভূত নাশ্ৰুত কৰ্মকাণ্ড

গুৱাহাটী: মহৰিপাৰাৰ যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী নমিতা দেৱীৰ নাভূত নাশ্ৰুত কৰ্মকাণ্ডকলৈ তীব্ৰ প্ৰতিক্ৰিয়া। বিদ্যালয়ৰ বাহিৰত আহি শিক্ষা সেতু এপত এটেনণ্ডেন্স দি ঘৰলৈ উভতি যোৱা কাৰ্যকলৈ শিক্ষকৰ মাজত প্ৰতিক্ৰিয়া।পূৰ্বতে দূবাৰকৈ নিলম্বিত হোৱা নমিতা দেৱীৰ কৰ্মকাণ্ডক লৈ এতিয়া মুখ খুলিছে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লগতে সহ শিক্ষক সকলে।

আই এচ কাৰ্যালয়ত এটাচমেণ্টত থকা নমিতা দেৱীয়ে আই এচৰ কাৰ্যালয়ত কৰ্তব্য পালন কৰাৰ পৰিৱৰ্ত্তে প্ৰতিদিনে যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ ওচৰলৈ আহি বাহিৰৰ পৰা শিক্ষা সেতু এপত এটেনণ্ডেন্স দি পুণৰ নিজৰ ঘৰলৈ উভতি যোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে।শিক্ষয়িত্ৰী নমিতা দেৱীয়ে বিদ্যালয়ৰ বাহিৰৰ পৰাই কেৱল এটেনণ্ডেন্স দিয়ে কাম নকৰাকৈ কেনেদৰে দৰমহা লৈ তাক লৈ এতিয়া সৰৱ হৈ পৰিছে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক।