Local, Vocal, Global

কৰ’না ! বজাৰলৈ আহিল টাটাৰ টেষ্টিং কিট

টাটা গ্ৰুুপে মুকলি কৰিলে দেশীয় ক’ভিড-১৯ টেষ্টিং কিট। টাটা গ্ৰুুপৰ স্বাস্থ্য গোট টাটা মেডিকেল এণ্ড ডায়গ্ন’ষ্টিকছে মুকলি কৰে এই টেষ্টিং কিট। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰা এই টেষ্টিং কিটৰ দ্বাৰা ৯০ মিনিটৰ ভিতৰত ক’ৰনা টেষ্টৰ ফলাফল লাভ কৰিব পৰা যাব । এই ক’ভিড টেষ্টিং কিটতো টাটা গ্ৰুপৰ চেন্নাইত থকা উদ্যোগত প্ৰস্তুত কৰি উলিওৱা হৈছে । টাটা গ্ৰুুপৰ মূখ্য কাৰ্যবাহী গিৰিশ কৃষ্ণমুৰ্তিয়ে জনোৱা মতে দেশৰ পৰীক্ষাগাৰত আৰু চিকিৎসালয় সমুহত ডিচেম্বৰৰ পৰা এই টেষ্টিং কিট উপলদ্ধ হ’ব ।