কেনে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ?
ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতো দ্বিতীয়বাৰলৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰায় দুমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা লাভ কৰাৰ অন্তত ঘৰমুৱা হোৱা গগৈক পুনৰ ভৰ্তি কৰোৱা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। দেওবাৰে নিশা হঠাতে অসুস্থ হৈ পৰা জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীক নিশা ১১ বজাত ভৰ্তি কৰোৱা হয় জিএমচিএইচৰ আইচিইউত। গগৈৰ শৰীৰত কাৰ্বনডাই অক্সাইড আৰু এম’নিয়াৰ মাত্ৰা বৃদ্ধি পাইছে যদিও তেওঁৰ শৰীৰৰ আন পেৰামিটাৰসমূহ ঠিকে থকা বুলি জনালে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। আংশিক ভেণ্টিলেচনত থকা গগৈয়ে কোনোবাই মাত দিলে আশা কৰা মতেই সঁহাৰি জনাইছে বুলিও প্ৰকাশ কৰিলে অধীক্ষক ডাঃ শৰ্মাই। শৰ্মাৰ মতে এতিয়াও গুৰুতৰ অৱস্থাত চিকিৎসাধীন যদিও শেহতীয়াকৈ গগৈৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে।
চাওক ভিডিঅ’-
উল্লেখ্য যে দুৰ্গা পূজাৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতিছিল গগৈ। অৱশ্যে বাসগৃহতো চিকিৎসকৰ তত্বাৱধানতে আছিল ৰাজ্যৰ ১৫ বছৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।