Taj Mahal built for mother : মাতৃৰ স্মৃতিত তাজমহল সাজি চৰ্চাত এজন যুৱক

নেশ্যনেল ডেস্ক, ১১ জুন : তাজমহল ভাৰতৰ লগতে বিশ্ববাসীৰ বাবে এক আকৰ্ষণীয় আৰু ঐতিহাসিক স্মৃতিসৌধ । আগ্ৰাস্থিত তাজমহলক ইতিমধ্যে পৃথিৱীৰ সপ্তম আশ্চৰ্য্য হিচাপে তালিকাভুক্ত কৰা হৈছে । মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত প্ৰেমৰ প্ৰতীক হিচাপে নিৰ্মাণ কৰিছিল তাজমহল (Agra tajmahal)।
এইবাৰ ভাৰতত দ্বিতীয় এটা তাজমহল নিৰ্মাণ কৰা হ’ল । যাৰ বিষয়ে আপুনি জানি আচৰিত হ’ব।
মাতৃৰ প্ৰতি এক অনন্য প্ৰেমত চেন্নাইৰ এজন ব্যৱসায়ীয়ে মাতৃৰ স্মৃতিত নিৰ্মাণ কৰিছে এটা মিনি তাজমহল (Mini Taj Mahal in Tamilnadu) । তামিলনাডুৰ তিৰুবুৰুৰ জিলাৰ আমিৰুদ্দিন শ্বেখ দাউদ নামৰ এজন ব্যক্তিয়ে দ্বিতীয়টো তাজমহল নিৰ্মাণ কৰিছে । কিন্তু শ্বাহজাহানৰ দৰে পত্নীৰ স্মৃতিত নহয়, আমিৰুদ্দিনে মাতৃৰ স্মৃতিত এই কীৰ্তিচিহ্ন তাজমহল নিৰ্মাণ । ব্যৱসায়ীজনৰ নিজা চহৰ তামিলনাডুৰ তিৰুভাৰুৰত ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিলে মিনি তাজমহল ।
উল্লেখ্য যে ২০২০ চনত আমিৰুদ্দিনৰ মাতৃ জেলানী বিবিৰ দেহাৱসান ঘটে । ১৯৮৯ চনত গাড়ী দুৰ্ঘটনাত দেউতাকে প্ৰাণ হেৰুওৱাৰ পিছত মাতৃয়ে অকলেই তুলি তালি ডাঙৰ দীঘল কৰিছিল আমিৰুদ্দিনক।
পিতৃৰ বিয়োগৰ সময়ত আমিৰুদ্দিনৰ মাতৃৰ বয়স আছিল মাত্ৰ ৩০ বছৰ । তেতিয়াৰ পৰাই তেওঁ নিজৰ পাঁচটা সন্তানক অতি সংগ্ৰামেৰে ডাঙৰ-দীঘল কৰিছিল । আমিৰুদ্দিনে কয় যে, ” আমাৰ সমাজত বিধৱা বিবাহৰ প্ৰথা থকাৰ পিছতো মোৰ দেউতাৰ মৃত্যুৰ পিছত মায়ে বিয়া কৰা নাছিল । সেই সময়ত মই আৰু মোৰ ভগ্নী বহুত সৰু আছিলো । আমাৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ মায়ে বহুত যুঁজিছিল । কেৱল সেয়াই নহয়, তেওঁ আমাৰ মেৰুদণ্ড আছিল আৰু আমাক কাহানিও দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। “
ইফালে মাতৃৰ মৃত্যু সন্দৰ্ভত তেওঁ কয় যে “২০২০ চনত মাৰ মৃত্যুৰ পিছত মই একেবাৰে বিশ্বাস কৰিব পৰা নাছিলো। আজিও অনুভৱ কৰোঁ মা আমাৰ লগত আছে। মাৰ মৃত্যুৰ পিছত মই মোৰ পৰিয়ালক জনাই দিলোঁ যে মই মোৰ মাৰ মৃতদেহটো কবৰস্থানৰ সলনি নিজৰ মাটিত পুতিব বিচাৰো । কাৰণ তেওঁৰ স্মৃতিত মই এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব বিচাৰিছিলো। অৱশ্যে সেই সিদ্ধান্ত লোৱাত মোৰ পৰিয়ালে বাধা দিয়া নাছিল।”
উল্লেখ্য যে মাতৃৰ মৃত্যুত অমৰুদিনে প্ৰতিটো অমাৱস্যাৰ দিনত ১০০০ লোকক বিৰিয়ানীৰে ভোজ খোৱাই । কিন্তু আমিৰুদ্দিনে এয়াই যথেষ্ট নহয় বুলি ভাবি পিছলৈ মাকৰ বাবে মিনি তাজমহল নিৰ্মাণৰ কথা চিন্তা কৰে । আমিৰুদ্দিনে নিজৰ পূৰ্বপুৰুষৰ গাঁও আম্মাইয়াপ্পানত এক একৰ মাটি কিনিলে আৰু এজন বিল্ডাৰ বন্ধুৰ সহায়ত কীৰ্তিচিহ্নটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে । ৰাজস্থানৰ পৰা মাৰ্বল কিনি আগ্ৰাৰ তাজমহলৰ দৰেই স্মৃতিসৌধটোৰ চাৰিওফালে বাট আৰু খোজকাঢ়ি যোৱা পথ নিৰ্মাণ কৰি ২ জুনত এই স্মৃতিসৌধটো জনসাধাৰণৰ বাবে মুকলি কৰা হয় ।
ইয়াত সকলো ধৰ্মৰ লোকে ধ্যান কৰিব পৰা ধ্যান কেন্দ্ৰ আৰু বৰ্তমান ১০ জন ছাত্ৰ-ছাত্ৰী থকা মাদ্ৰাছা আছে । ২০২১ চনৰ ৩ জুনত এই স্মৃতিসৌধৰ কাম আৰম্ভ কৰা হৈছিল । ২০০ৰো অধিক শ্ৰমিকে নিৰ্মাণ কৰি উলিয়াই দ্বিতীয়টো তাজমহল।
প্ৰায় চাৰে পাঁচ কোটি টকাৰ মূল্য খৰচ হোৱা এই তাজমহলৰ আৰ্হিৰ তাজমহলটো অলপতে সম্পূৰ্ণ হৈ উঠিছে ।
লগতে পঢ়ক : Guwahati-North Guwahati link bridge : অহা বছৰ মুকলি হ’ব গুৱাহাটী -উত্তৰ গুৱাহাটী সংযোগী দলং, মুখ্যমন্ত্ৰী শৰ্মাhttps://mynewsne.com/assam-cm-takes-stock-of-progress-of-construction-of-guwahati-north-guwahati-link-bridge/