Local, Vocal, Global

Guwahati-North Guwahati link bridge : অহা বছৰ মুকলি হ’ব গুৱাহাটী -উত্তৰ গুৱাহাটী সংযোগী দলং, মুখ্যমন্ত্ৰী শৰ্মা

গুৱাহাটী,১১ জুন: দেওবাৰে গুৱাহাটী -উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ললে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Guwahati-North Guwahati bridge) । দলংখনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কলে, আগন্তক ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব দলংখনৰ নিৰ্মাণৰ কাম । অহা বছৰলৈ ৰাইজক উপহাৰ দিম এই দলংখন (Guwahati North Guwahati link bridge) ।

শেহতীয়াকৈ বিহাৰৰ ভাগলপুৰত ব্যয়বহুল দলংখন ভঙাৰ ঘটনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কলে, এই ঘটনাৰ পিছত আমি অধিক সতৰ্ক হৈছো (Assam cm Himanta Biswa Sarma) । আই আই টি ৰুৰকিৰ বিশেষজ্ঞৰ দ্বাৰা আমি দলংখন আকৌ এবাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছোঁ । ইতিমধ্যে দলংখন নিৰ্মাণত দেশৰ কেইবাখনো আই আই টি জড়িত হৈ থকাৰ কথাও কলে মুখ্যমন্ত্ৰীগৰাকীয়ে(Guwahati North Guwahati link bridge) ।

২০২৪ চনত মুকলি হ’বলগীয়া এই দলংখনৰ চতুৰ্থটো মাইলষ্ট’নৰ কাম তীব্ৰ গতিত চলি আছে । হাৰিয়ানাৰ এচ,পি, সিংলা নামৰ প্ৰতিষ্ঠানটোৱে চলাই থকা নিৰ্মাণকাৰ্যত প্ৰায় দুহেজাৰ বিষয়া কৰ্মচাৰী তথা শ্ৰমিক জড়িত হৈ কাম কৰি আছে । ইতিমধ্যে নদীৰ বুকুত ছটা খুটাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়ববীয়াই(Guwahati North Guwahati connecting bridge) ।

উল্লেখ্য যে, ভাগলপুৰত খহি পৰা কোটি টকীয়া দলংখনৰ নিৰ্মাণৰ কাম কৰিছিল এচ,পি, সিংলা নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোয়ে । বিহাৰৰ ভাগলপুৰতএই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ গুৱাহাটী -উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ পৰিদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে(Guwahati North Guwahati link bridge) ।

লগতে পঢ়ক : Petrol Pump frauds: বোকাজানত গ্ৰাহকক প্ৰৱঞ্চনা,তেলৰ সলনি ওলাইছে পানী