T-20 ত ভাৰতৰ পৰাজয়

আজিৰ মেচখনৰ ওপৰত বিশেষ দৃষ্টি ৰাখি অতি ধৈৰ্যৰে সকলোৱে খেলখন উপভোগ কৰিলে ক্ৰিকেট প্ৰেমী সকলে। কিয়নো আজিৰ মেচখনত ভাৰতৰ বিৰুদ্ধে ক্ৰিকেটৰ যুঁজত নামে পাকিস্তান। সৰ্বাধিক লোকেই হয়তো ভাবিছিল যে বিৰাট কোহলী বাহিনীয়ে বহুত ভাল খেল প্ৰদৰ্শন কৰিব। কিন্তু তাৰ বিপৰীতে দেখা গ’ল আন এক দৃশ্যহে । অপেনিঙত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ক্ৰীজত যায়। ভাৰতৰ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ আশা আছিল তেওঁলোকে কিবা এটা কৰি দেখুৱাব। ৰোহিত শৰ্মাই কমেও অৰ্ধ শতাধিক কৰিহে পেভেলিয়ন মুখী হ’ব বুলি টিভিত সকলোৱে চকু ৰাখিছিল যদিও সেয়া হৈ নুঠিল। এটা বল খেলি শূন্য ৰানত আউট হোৱা দেখিলে ৰোহিত শৰ্মাক। সঁচাকৈ আৰম্ভণিয়েই যেন অতি দুৰ্ভাগ্যজনক আছিল ভাৰতৰ বাবে। ৰোহিত শৰ্মা আউট হোৱাৰ পাছতে সকলোৱে ক্ৰীজলৈ আহে অধিনায়ক বিৰাট কোহলী। আশা কৰা হ’ল কে এল ৰাহুল আৰু কোহলীৰ পাৰ্টনাৰ্শ্বিপ হ’ব দীঘলীয়া। কিন্তু তাকো নহ’ল। কিয়নো ৮ টা বল খেলি মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি পাকিস্তানৰ বলাৰৰ বলে ষ্টাম্পৰ দিশে আগবাঢ়ি ষ্টাম্পত অতি জোৰকৈ প্ৰহাৰ কৰি আউট কৰিলে ৰাহুলক। লাহে লাহে সকলো ভাৰতীয় সমৰ্থনকাৰীৰ যেন মনৰ আশাবোৰ কমি আহিল। কে এল ৰাহুল পাছত আহিল সূৰ্যকুমাৰ যাদৱ। ৮ টা বলত ১১ ৰান সংগ্ৰহ কৰি যাদৱো পেভেলিয়নৰ দিশে আগবাঢ়িল। সঁচাকৈ প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনকাৰীৰ বাবে এক দুখবৰ। যেন নিজেই সেই খেলপথাৰত নামি ভাৰতৰ হৈ খেলি ছিক্স আৰু ফ’ৰ মাৰিব প্ৰতিগৰাকী ভাৰতীয় সমৰ্থনকাৰীয়ে। যাদৱৰ পাছত ক্ৰীজলৈ বেটখন লৈ আহিল ৰিশ্বৱ পান্টে। পান্টে আৰু কোহলীয়ে মিলি ভাল খেলে খেলিলে কিছু সময়। কিন্তু ৩৯ ৰান ৩০ টা বলত সংগ্ৰহ কৰি পান্টেও ঘূৰি আহিল খেলপথাৰৰ পৰা।
সঁচাকৈ অতি দুখবৰ ভাৰতীয় ক্ৰিকেট দল তথা প্ৰতিগৰাকী ভাৰতীয় সমৰ্থনকাৰীৰ বাবে। ঠিক একেদৰে ৰবিন্দ্ৰ জাডেজাই ১৩ টা বলত ১৩ ৰান , হাৰ্দিক পাণ্ডেয়াই ৮ টা বলত ১১ ৰান ভূৱনেশ্বৰ কুমাৰে ৪টা বলত ৫ ৰান সংগ্ৰহ কৰিলে ভাৰতীয় দলৰ বাবে। কিন্তু তাৰ মাজতে অধিনায়ক কোহলীয়ে নিজৰ দায়িত্ব সম্পূৰ্ণ ৰূপে পালন কৰিলে। অতি বেয়া খেল প্ৰদৰ্শন কৰাৰ পাছতো কোহলীয়ে ৪৯ টা বলত ৫৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যাৰ ফলত ২০ অভাৰত ভাৰতে মেচখনত ১৫১ ৰান সংগ্ৰহ কৰি পাকিস্তানৰ সমুখত ১৫২ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
ব্ৰেক শেষ হোৱাৰ পাছতে পাকিস্তানৰ বেটছমেন মহম্মদ ৰিজৱান আৰু বাবাৰ আজমে অপেনিং কৰে। পাকিস্তানে সঁচাকৈ ফিল্ডিং, বলিং আৰু বেটিং তিনিওটা ক্ষেত্ৰতে বহু বেছি ভাল খেল প্ৰদৰ্শন কৰে আৰু বুজাই দিয়ে যে, কোনো এটা দলক খেলপথাৰত নামি নোযোৱালৈ দুৰ্বল বুলি ভাবি নালাগে।
ইফালে, পাকিস্তানে ১৮ অভাৰে সম্পূৰ্ণ হ’ব নিদিলে খেলখন সম্পূৰ্ণকৈ জিকিবলৈ। পাকিস্তানৰ অপেনাৰ বেটছমেন হিচাপে গৈ ৰিজৱান আৰু আজামে আউট নোহোৱাকৈয়ে জয়ী কৰিলে নিজৰ দলটোক। ভাৰতে এই মেচখনত অতিকৈ বেয়াকৈ পৰাস্ত হ’ল। সঁচাকৈ হয়তো ভাৰতীয় সমৰ্থক কোনোৱেই ভবা নাছিল এয়া।
ক্ৰীড়া বা খেলত হৰা-জিকা অৰ্থাৎ জয়-পৰাজয় থাকে। সেয়া সত্য। কিন্তু পাকিস্তানে যিধৰণে খেল প্ৰদৰ্শন কৰিলে সেয়া হয়তো কোনো লোকেই ভবা নাছিল। ১৭.৫ অভাৰত ১৫২ ৰানৰ লক্ষ্যত উপনীত হৈ পাকিস্তানে এটাও উইকেট নেহেৰুৱাকৈ পৰাস্ত কৰিলে ভাৰতক।
পাকিস্তানৰ অপেনাৰ মহম্মদ ৰিজৱানে ৫৫ টা বলত ৭৯ ৰান আৰু বাবৰ আজমে ৫২ বলত ৬৮ ৰান সংগ্ৰহ কৰি দেখুৱাই দিলে যে পাকিস্তানক যিমানেই দুৰ্বল বুলি ভবা হৈছিল সিমানেই শক্তিশালী পাকিস্তানৰ ক্ৰিকেট কিন্তু পাকিস্তানে যিধৰণে খেলিলে তাৰ পৰা ভাৰতে শিক্ষা লৈ নিজক অধিক অনুশীলনত সময় দি নিজক অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ সময় আহি পৰিছে। অথবা প্ৰতিখন মেচেই ভাৰতৰ বাবে আজি মেচখনৰ দৰে হ’ব।