Local, Vocal, Global

১২টা দিন পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মহিলাই জাপ দিলে সোৱণশিৰিত

সোৱণশিৰি নদীত জপিয়াই আত্মহত্যা নৱবিবাহিতা মহিলাৰ ।লখিমপুৰ জিলাৰ চাউলধোৱা উপঃ আৰক্ষী চকী অধীনৰ থেকেৰাগুৰিৰ মনোৰঞ্জন নাথৰ নৱবিবাহিতা পত্নী দীপা বৰুৱা নাথে দিনৰ প্ৰায় ১বজাত সোৱণশিৰি দলঙৰ পৰা সোৱণশিৰি নদীত জাপ দিয়ে ।ইয়াৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় হুৱা-দুৱা পৰিৱেশৰ ।মাত্ৰ ১২টা দিন পূৰ্বে থেকেৰাগুৰিৰ মনোৰঞ্জন নাথৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দীপা বৰুৱা নাথে কিয় সোৱণশিৰি নদীত জাপ দিলে সেইয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।এছডিআৰএফ বাহিনীয়ে ইতিমধ্যে সোৱণশিৰি নদীত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।কিন্তু মহিলা গৰাকীৰ সন্ধান বৰ্তমানেও উলিয়াব পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে ।আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পাছতেই  তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।