Sushant Singh Rajputৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী
নিউজ ডেস্ক, ১৪ জুন : আজি বলিউডৰ জনপ্ৰিয় অভিনেতা Sushant Singh Rajputৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী। ২০২০ চনৰ ১৪ জুনত তেওঁক তেওঁৰ মুম্বাইৰ এপাৰ্টমেণ্টৰ শোৱনি কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। মৃত্যুৰ সময়ত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়ত ৩৪ বছৰ বয়স আছিল।
তেওঁৰ মৃত্যুক আত্মহত্যা বুলি কোৱা হৈছিল যদিও বৰ্তমান সময়লৈকে তেওঁৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আৱৰ্তত।
ধাৰাবাহিকৰ জৰিয়তে চলচিত্ৰ জগতত খোজ পেলোৱা সুশান্ত সিং ৰাজপুত Zee TVৰ জনপ্ৰিয় ধাৰাবাহিক Pavitra Ristaৰ জৰিয়তে দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল।
ধাৰাবাহিকৰ জৰিয়তে চিনেমা জগতত খোজ পেলোৱা সুশান্ত সিং ৰাজপুতে অভিনয় কৰা চিনেমাসমূহ হৈছে-
- ২০১৩ চনতKai Po Che! আৰু Shuddh Desi Romance ,
- ২০১৪ চনত PK,
- ২০১৫ চনত Detective Byomkesh Bakshy! ,
- ২০১৬ চনত M.S. Dhoni: The Untold Story, Best Actor Award ২০১৬ত Screen Awards আৰু ২০১৭ত Indian Film Festival of Melbourne
- ২০১৭ চনত Raabta ,
- ২০১৮ চনত Welcome to New York আৰু Kedarnath
- ২০১৯ চনত Sonchiriya , Chhichhore আৰু Drive
- ২০২০ চনত Dil Bechara
উল্লেখযোগ্য যে Dil Bechara Sushant Singh Rajputৰ মৃত্যুৰ পিছত প্ৰকাশ পাইছিল। তেওঁ আছিল অতি সহজ, সৰল মনৰ এগৰাকী ব্যক্তি আৰু সেয়ে তেওঁ অনুৰাগীৰ মাজত অতি জনপ্ৰিয় আছিল । তেওঁৰ কৰ্ম আৰু সৰলতাৰ বাবে অনুৰাগীৰ মাজত তেওঁৰ আজিও চিৰস্মৰণীয়।
তেওঁ তেওঁৰ চমু জীৱনকালত লাভ কৰা Award সমূহ হৈছে-
- Pavitra Rishta ধাৰাবাহিক খনৰ বাবে ২০১০ চনত Most Popular Actor (Male) Indian Television Academy Awards আৰু BIG Star Entertainment Awards
- ২০১০ চনত Pavitra Rishta ধাৰাবাহিক খনৰ বাবে Gold Awards ৰ Best Actor in a Lead Role
- ২০১১ চনত Pavitra Rishta ধাৰাবাহিক খনৰ বাবে FICCI Frames Excellence Honoursৰ Best TV Actor (Male)
- ২০১৪ চনত Kai Po Che! ছবিৰ বাবে Producers Guild Film Awards আৰু Screen Awardsৰ Best Male Debut
- ২০১৬ চনত M.S Dhoni: The Untold Story ছবিখনৰ বাবে Screen Awardsৰ Best Actor (Critics)
- ২০১৭ চনত M.S Dhoni: The Untold Storyৰ বাবে Indian Film Festival of Melbourneৰ Best Actor Award