Local, Vocal, Global

চুপ্ৰিম ক’টৰ তৎপৰতাত অস্কিজেন বন্টন যোগানৰ বাবে ৰাস্টীয় টাস্ক ফ’চ গঠন

দেশৰ বিভিন্ন ৰাজ্যত কভিড ৰোগীয়ে অক্সিজেনৰ অভাৱত ছটফটাই থকাত অস্কিজেন বাধাহীন যোগানৰ বাবে বাৰম্বাৰ নিদেশ দিও সুফল নোপোৱাত কালি উচ্চতম ন্যায়ালয়ে ১২জনীয় সদস্যৰে এটা টাস্ক ফ’চ গঠন কৰে আৰু লগতে অস্কিজেন বন্টনৰ বাবে অস্কিজেন বিতৰণৰ এটা পদ্বতিগত নিয়ম প্ৰস্তত কৰি উলিয়াবলৈ ন্যায়ালয়ে ১২ জনীয় গোটক দায়িত্ব দিয়ে।ন্যায়ধীশ ডি ৱাই চন্দচূড় আৰু ন্যায়াধীশ এম আৰ শ্বাহে অক্সিজেন বন্টনৰ কামত তথ্য আৰু আলোচনাৰ বাবে কেন্দীয় চৰকাৰৰ বিষয়া কমচাৰী আৰু সুবিধা সমূহ ব্যৱহাৰ কৰিব পাৰিব। নীতি নিয়ম প্ৰস্তত কৰা আৰু কাম কৰাৰ ধৰণৰ টাস্ক ফচৰ সম্পূৰ্ণ স্বাধীনতা থাকিব বুলি উচ্ছতম ন্যায়ালয়ে উল্লেখ কৰে। দেশৰ সংকটপূণ পৰিস্থিতিত টাস্ক ফাচ বৈষম্যহীন ভাৱে আৰু বিঞ্জান সম্মত ভাৱে অক্সিজেন বিতৰণ কৰিব বুলি ন্যায়ালয়ে কয়।