Local, Vocal, Global

একে স্থানতেই আত্মহত্যা পিতৃৰ পাছতে কন্যাৰ

নিউজ ডেস্ক, ২৪ জুন : ঐতিহাসিক শিৱসাগৰ জিলাত শুক্ৰবাৰে সংঘটিত হয় এক অঘটন। পুৱতি নিশা শিৱসাগৰৰ আমগুৰি ঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নদীত জঁপিয়াই সন্ধানহীন এগৰাকী মহিলা।

সন্ধানহীন মহিলা গৰাকী জয়সাগৰৰ নিৱাসী পংকজ গায়নৰ পত্নী শিখা শইকীয়া বুলি জানিব পৰা গৈছে। ২০০৭ চনত বিবাহ পাশত আবদ্ধ হোৱা শিখা শইকীয়া এটি তেৰ বছৰীয়া সন্তানৰ মাতৃ আছিল।

 শিখা শইকীয়া কালুগাওঁ উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল আৰু তেওঁৰ প্ৰকৃত ঘৰ আখৈফুটীয়াৰ জয়ৰাপাৰ অঞ্চলত ৷ মাতৃৰ চাকৰিৰ সূত্ৰে জয়সাগৰ চিকিৎসালয়ৰ আৱাসীক এলেকাত থাকে শিখা শইকীয়া ৷

আজি পুৱতি নিশা আৰক্ষীয়ে দিখৌ দলঙৰ ওপৰত ষ্ট্ৰাট হৈ থকা অৱস্থাত লাভ কৰে শিখাৰ স্কুটিখন।

বৰ্তমান ঘটনাস্থলীত আৰক্ষী,  SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

আৰক্ষীয়ে এনে অঘটনৰ কাৰণ পাৰিৱাৰিক সংঘাত বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।

উল্লেখযোগ্য যে সেই স্থানৰ পৰাই শিখাৰ পিতৃ অপূৰ্ব শইকীয়াই ২০০৭ চনত দিখৌ নদীত জঁপিয়াই আত্মহত্যা কৰিছিল।