Suffering from hair loss: আপুনি চুলি সৰাৰ সমস্যাত ভুগিছে নেকি? আপোনাৰ চুলি সযতনে ৰাখিবলৈ কি কৰিব জানো আহক

মানুহৰ মূৰত সচৰাচৰ একৰ পৰা ডেৰ লাখডাল চুলি থাকে। এডাল চুলিৰ আয়ুস ২ৰ পৰা ৩ বছৰ। যিকোনো সময়তেই আমাৰ মূৰৰ ৯০ শতাংশ চুলি বাঢ়ি থকা অৱস্থাত থাকে আৰু ১০ শতাংশ চুলি বিশ্ৰাম লোৱা অৱস্থাত থাকে। প্ৰতি ২-৩ মাহৰ অন্তৰালত এই বিশ্ৰাম লোৱা অৱস্থাত চুলি সৰি পৰে।
দৈনিক এনেদৰে ৫০ৰ পৰা ১০০ ডাল চুলি সৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। চুলি সৰিলেও তাৰ বিপৰীতে গজাৰ প্ৰক্ৰিয়াটো সমান্তৰালভাবেই চলি থাকে। বেছিকৈ চুলি সৰা তেতিয়া ধৰা পৰে, যেতিয়া গা ধোৱাৰ পিছত বাথৰুমত নাইবা মূৰ ফণিয়াওতে অধিক সংখ্যক চুলি ব্যক্তিজনে প্ৰত্যক্ষ কৰে। এটা অংশৰ চুলি সৰাক ডাক্তৰী ভাষাক ‘এলপেচিয়া এৰিয়েটা’ আৰু গোটেই মূৰৰ চুলি সৰাক ‘এলপেচিয়া টোটেলিচ’ আখ্যা দিয়া হয়।
আকৌ গোটেই গাৰ চুলি-নোম সমুদায় সৰিলে এই অৱস্থাক ‘এলপেচিয়া ইউনিভাৰচেলিচ’ বোলা হয়। চুলি সৰি তপা হোৱা অৱস্থাক চিকিৎসকসকলে আকৌ দুই শ্ৰেণীত বিভক্ত কৰিছে। থুলমুলকৈ ক’বলৈ হ’লে ঘাইকৈ মূৰৰ মধ্য ভাগৰ পৰা ঘূৰণীয়াকৈ চুলি সৰাক ‘পুৰুষ পেটাৰ্ণৰ তপামূৰীয়া’ আৰু সোঁমাজৰ সেওঁতাৰ চুলি পাতলিব ধৰিলে ‘মহিলা পেটাৰ্ণৰ তপামূৰীয়া’ আখ্যা দিছে(Suffering from hair loss)।
সন্তানে চুলিৰ ৰঙ, গঠন আদি বহু পৰিমাণে পিতৃ-মাতৃৰ পৰা আয়ত্ত কৰে। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে জেনেটিক্সৰ চুলি সৰাত প্ৰভাৱ হয়তো থাকিব পাৰে। নিজৰ শৰীৰৰ অংশ বিশেষকক পৰ বুলি চিনাক্ত কৰাক অটো-ইমিউন-ডিচঅৰ্ডাৰ বোলে।
চুলি বেচিকৈ সৰাৰ বা তপা হোৱাৰ কাৰণ অটো-ইমিউনিটিও হ’ব পাৰে। সাধাৰণতে দেখা যায় ২৫ শতাংশ লোকৰ চুলি ৩০ বছৰ বয়সৰ আশে পাশে সৰিবলৈ ধৰে আৰু ৭৫ শতাংশৰ চুলি ৫০ বছৰৰ ওপৰ হ’লে সৰিবলৈ ধৰে। গৰ্ভাৱস্থা আৰু মেনুপ’জৰ সময়ত শৰীৰৰ হৰমোনৰ তাৰতম্যৰ ফলত চুলি সৰে। দৰাচলতে গৰ্ভাৱস্থাত তেজত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বঢ়াত চুলি ডাঠ বা ঘন হ’বলৈ ধৰে আৰু প্ৰসৱৰ পিছৰ পৰা সেই হৰমোন কমি যোৱাত অতিৰিক্ত চুলিখিনি সৰি গৰ্ভৰ পূৰ্ব অৱস্থালৈ ঘূৰি যায়।
আগতে উল্লেখ কৰা একেখিনি কাৰণতে চেলাউৰিৰ নোমো সৰিব পাৰে। বহুতো হাইপোথাইৰইড ৰোগীৰ চকুৰ চেলাউৰীৰ বাহিৰৰ ফালৰ এক তৃতীয়াংশ নোম সৰা দেখা যায়। মানুহৰ উপৰি অন্যান্য জীৱ-জন্তুৰো শৰীৰৰ নোম সৰি তপা হোৱা দেখা যায়। পশুৰ তেনে হ’লে সাধাৰণতে ই গুৰতৰ ব্যাধি হোৱা সূচায়।
লৌহকণিকা হ’ল তেজত অক্সিজেনৰ বাহক। গতিকে লৌহ পদাৰ্থৰ অভাৱত চুলিৰ স্বাস্থ্যত বিঘিনি ঘটিলে চুলি সৰাটো নিশ্চিত। মাংস, লিভাৰ, কণী, ডাঠ সেউজীয়া পালেং, কবিজাতীয় শাক, ড্ৰাই ফ্ৰুটচ, বীন, দাইল, বুটমাহ, চয়াবীন আদি খাদ্যত বেচি পৰিমাণৰ লৌহ পদাৰ্থ থাকে।
ভিটামিন-চি যুক্ত খাদ্য
খাদ্যত থকা ভিটামিন-চি লৌহ পদাৰ্থ শৰীৰে গ্ৰহণ কৰাত সহায়ক হয়। অমিতা, আনাৰস, কমলা, নেমু, আমলখি, ষ্ট্ৰবেৰী, ৰঙ-বিৰঙী কেপচিকাম, ব্ৰুকলি, বন্ধাকবি, নাৰিকল আদিত ভিটামিন-চি থাকে।
ভিটামিন-এ যুক্ত খাদ্য
চুলিৰ গুৰিক মজবুত কৰি ৰখা ‘চিবাম’ নামৰ তেলীয়া পদাৰ্থৰ সৃষ্টিৰ বাবে ভিটামিন-এ ৰ আৱশ্যক হয়। কিন্তু অতিমাত্ৰা ভিটামিন-এ ল’লে সৰহ পৰিমাণৰ চিবামে চুলিৰ গুৰিৰ ছিদ্ৰ বন্ধ কৰি চুলি ভংগুৰ কৰি সৰাবহে পাৰে। সেয়ে ভিটামিন-এ নিয়মীয়া পৰিমাণত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভিটামিন-এ যুক্ত খাদ্যসমূহৰ কিছুমান হ’ল – গাজৰ, মিঠা আলু, পালেং, চালাড পাত, পূৰৈশাক, ৰঙালাউ, সৰিয়হ শাক।
জিংকযুক্ত খাদ্য
চুলিৰ সুস্বাস্থ্যৰ বাবে জিংক অতি লাগতিয়াল। জিংকে ডি এন এ নিৰ্মাণ কৰে। প্ৰটিন আৰু হৰমোনৰ (যেনে টেষ্ট’ষ্টৰেন) নিয়ন্ত্ৰণৰ সৈতে জিংক জড়িত। জিংকযুক্ত খাদ্য কিছুমান হ’ল – মূৰ্গী, গাহৰি আৰু গোমাংস, ঘেঁহু, সাগৰীয় অ’ষ্টাৰ আৰু কেকোঁৰা, বাদাম, আখৰুট, ৰঙালাউ, পালেং শাক।
প্ৰটিনযুক্ত খাদ্য
চুলি ঘাইকৈ প্ৰটিনৰে গঠিত। গতিকে খাদ্যত প্ৰটিনৰ অভাৱ ঘটিলে চুলি সৰিব আৰু সোনকালে পকিব। প্ৰটিনযুক্ত খাদ্য কিছুমান হ’ল – মাংস, কণী, গাখীৰ, পনীৰ, দৈ, সাগৰীয় মাছ, চয়াবীন, দাইল আৰু মাহজাতীয় শস্য।
অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য চুলি আৰু ছালৰ সুৰক্ষাৰ বাবে অমেগা-৩ ফেটি এচিড লাগতিয়াল। ই চুলিৰ গুৰি মজবুত কৰে। চুলিৰ ইলাষ্টিচিটি বঢ়ায় আৰু চুলিৰ বিকাশত সহায় কৰে। অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য কিছুমান হ’ল – চলমান আৰু টুনা মাছ, অলিভ অইল, আখৰুট, ৰঙালাউ-সূৰ্যমূখীৰ গুটি।
ভিটামিন-বি কমপ্লেস্কযুক্ত খাদ্য
বিভিন্ন শাক-পাচলি, ফলমূল, মাছ, গাখীৰ কণীত থকা ভিটামিন-বি কমপ্লেস্কে মেলানিন সৃষ্টি কৰাত সহায় কৰে। চুলি আৰু ছালৰ ৰঙৰ বাবে মেলানিন হ’ল অপৰিহাৰ্য।
ভিটামিন-ই যুক্ত খাদ্য
অলিভ তেল, চানফ্লাৱাৰ তেল, এলমণ্ড, গাজৰ, মিঠা আলু, বুট মাহ আদিত ভিটামিন-ই থাকে। শৰীৰৰ তেজ চলাচলৰ বাবে ভিটামিন-ই অতি লাগতিয়াল। সেয়ে ভিটামিন-ই-য়ে চুলিৰ বিকাশ ঘটায়।
এতিয়া চুলি সৰাৰ প্ৰতিকাৰৰ বিষয়ে কিছু কথা জানো আহক:
কেইবিধমান ঘৰুৱা প্ৰতিবিধান
পিঁয়াজ, নহৰু, আমলখি, তিল, এলভেৰা, কেষ্টৰ অইল, মেঠি, নেমু নাৰিকল, জেতুকা, জবাফুল, কণী আদিৰ সদ্যৱহাৰে কেনেকৈ চুলি সৰাৰ চিকিৎসাত উপকাৰী হ’ব পাৰে।
পিঁয়াজ আৰু নহৰু হ’ল চাল্ফাৰযুক্ত পদাৰ্থ। চাল্ফাৰ হ’ল ক’লাজেন বৃদ্ধিত সহায়ক যাৰ দ্বাৰা চুলিৰ শ্ৰীবৃদ্ধি হয়। প্ৰাচীন কালৰ পৰাই ভাৰতীয়সকলে এই দুবিধৰ প্ৰয়োগ চুলিৰ বিকাশৰ বাবে কৰি আহিছে। পিঁয়াজ পিঁহা লৈ ১৫-২০ মিনিট সময়লৈ মূৰত ঘঁহিব আৰু পাচত পাতল হাৰবেল শ্বেম্পুৰে চুলিখিনি ধুই পেলাব।
সপ্তাহত ২-৩ বাৰ এনে কৰিব। কেইফুটামান নহৰু থেঁতালি নাৰিকল তেলৰ লগত মিহলাই উতলাব। পিছত চেঁচা হ’বলৈ দিব। সামান্য কুহুমীয়া গৰম হৈ থাকোতে মূৰত ঘঁহি ভালদৰে মালিচ কৰিব। এইদৰে সপ্তাহত ২-৩ বাৰ মালিচ কৰিলে উপকৃত হ’ব।
নাৰিকলত প্ৰটিন থাকে। মিনাৰেল (লৌহকণিকা, পটেচিয়াম) আৰু লাগতিয়াল তেল যাৰ ফলত চুলি বিকশিত হয় আৰু ভংগুৰ নোহোৱাকৈ থাকে। নাৰিকলৰ পিঁহা মূৰত ঘঁহি নিশাটো ৰাখি পুৱা পানীৰে মূৰটো ধুই পেলাব। এইদৰে সপ্তাহত ৩-৪ দিন মাহচেৰেক লগালে ফলাফল দৃষ্টিগোচৰ হ’ব।
ভাৰতবৰ্ষৰ প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা প্ৰণালীত এলোভেৰাৰ মহত্ব অনেক। প্ৰাচীনকালত ইজিপ্তত চুলি আৰু মূখমণ্ডলৰ প্ৰসাধনত এলোভেৰা ব্যৱহাৰ কৰিছিল বুলি জনা যায়। এলোভেৰাৰ ৰসত থকা এনজাইমে চুলিৰ গুৰিত ময়লা বা ক্লট জমা হ’বলৈ নিদিয়াকৈ ৰাখে। চুলি বাঢ়িবলৈ আৰু গজিবলৈ অনুকূল খাৰুৱা পি এইচ এলোভেৰাই নিয়ন্ত্ৰণ কৰে। এলোভেৰাৰ আধা কাপ ৰসৰ সৈতে দুচামুচ কেষ্টৰ অইল আৰু দুচামুচ মেঠিৰ পাউদাৰ মিহলোৱা মিশ্ৰণ চুলিৰ বাবে লাভজনক দেখা গৈছে।
কেইবছৰমানৰ আগতে জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ৰ পাতত এজনে লিখিছিল – তেওঁ মূৰৰ বিষৰ বাবে পিঁহা তিলৰ প্ৰলেপ কেইবা দিনো ঘঁহোতে লক্ষ্য কৰিলে যে তেওঁৰ চুলি নথকা তালুত চুলি গজিবলৈ ধৰিছে। আয়ুৰ্বেদিক চিকিৎসকৰ মতে চুলি গজোৱাত তিল এবিধ প্ৰমাণী ঔষধ। ব্যক্তিগতভাবেও মই তিলৰ ব্যৱহাৰ কৰি উপকৃত হোৱা কেইজনমান লোকক লগ পাইছোঁ। একে কাৰণতে ভাৰতবৰ্ষত নাৰিকল তেলৰ সমানেই জনপ্ৰিয় হ’ল তিল তেল।
জবাফুল পিঁহা মূৰত লেপ দিলে চুলি সৰা ৰোধ হয় আৰু চুলি গজাত সহায়ক হয় বুলি আগৰ দিনৰ লোকসকলে কয় আৰু ভাৰতবৰ্ষৰ গাঁৱে-ভূঞে ই এক প্ৰচলিত চিকিৎসা পদ্ধতি। জেতুকা পাতেও চুলি মজবুত কৰে বুলি কয়। পিঁহা জেতুকাৰ সৈতে মিঠাতেল মিহলালে আৰু ভাল ফল পোৱা যায় বুলি কিছুমানে দাবী কৰে। আমলখিত থকা ভিটামিন-চি আৰু এন্টিঅস্কিডেন্ট চুলিৰ বাবে উপকাৰী। আমলখিৰ ৰসৰ সৈতে নেমু ৰস আৰু পানী মিহলাই বহুতে মূৰ-গা ধোৱে আৰু ইয়াক চুলি আৰু ছালৰ বাবে উপকাৰী বুলি কয়।
চুলি সৰাৰ কাৰণসমূহ অনুসন্ধান কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটো একান্ত আৱশ্যকীয়। সাধাৰণ ল’বলগীয়া চুলিৰ যতন কেইটিমান হ’ল – উপযুক্ত তেল যেনে – অলিভ অইল, তিল তেল, নাৰিকল তেল বা মিঠাতেলেৰে সপ্তাহত ৩ দিন মূৰৰ চুলিৰ মালিচ কৰাটো উপকাৰী। তিতি থকা চুলি পৰাপক্ষত কমকৈ ফণিওৱাটো বাঞ্চনীয়।
শুকান চুলি মহৰ শিঙৰ ফণীৰে ফণীয়াব পাৰিলে ভাল। চুলিত বেচিকৈ টানি ফিটা বা ইলাষ্টিক বেণ্ড আদি ব্যৱহাৰ কৰিব নালাগে। ফেচন ডিজাইন বা ষ্টাইলৰ নামত চুলিৰ ওপৰত অত্যাচাৰ নচলোৱাই মংগলজনক। চুলি আৰু চৰ্মৰ উপযোগী ‘জিংকো বায়লোভা’ নামৰ বনৌষধি ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে। পাতলকৈ হাৰ্বেল শ্বেম্পু সপ্তাহত দুদিন ব্যৱহাৰ কৰিব। উফি, ওকনি, ফাংগেল ডাৰ্মাটাইটিচ আদি হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ নিৰাময়ৰ ব্যৱস্থা কৰিব।
লগতে পঢ়ক :