WATCH | Sualkuchi News : ৰাজপথত আগে আগে বিলাসী বাহন, পিছে পিছে কেইবাখনো দুচকীয়া বাহন
শুৱালকুছি,৫মাৰ্চ : শুৱালকুছিৰ ৰাজপথত আগে আগে বিলাসী বাহন, পিছে পিছে কেইবাখনো দুচকীয়া বাহন। কেইবাখনো গাড়ীত মহতিয়াই পলায়ন কৰে বাহনখনৰ ।বহু চেষ্টা কৰিও বাহনখন ৰখাবলৈ সক্ষম নহ’ল।
কোনোৱে কৈছে চোৰ, কোনোৱে কৈছে ধৰ। ৰাজপথত নিশা এখন চাৰিচকীয়া বাহনক লৈ কৌতুহল(Sualkuchi News)।
আগে আগে AS 01 BE 1795 নম্বৰৰ কলা ৰং এলটো গাড়ী ,আনফালে গাড়ীখন ধৰিবলৈ পিচে পিচে কেইবাখনো দুচকীয়া বাহন ।
কলা এল্টোখনে তীব্ৰ বেগেৰে শুৱালকুছিৰ ৰাজপথৰ মাজেৰে কৰিছে পলায়ন ।কেইবাখনো গাড়ীত মহতিয়াই পলায়ন কৰে বাহনখনে ।
বহু চেষ্টা কৰি বাহনখন ৰখাবলৈ সক্ষম নহল স্থানীয় যুৱকসকল । বংশৰৰ পৰা শুৱালকুছিৰ ন-পাৰা মূল পথৰে বজাৰ চক হৈ বামুন্দী দিশে পালয়ন কৰে বাহনখন ।
তাৰ পিচত শুৱালকুছিৰ ৰাজপথত কেইবাখনো ই ৰিস্কা ৰৈ থকা মটৰচাইকেল মহতিয়াই লৈ যায় ।
ৰাইজৰ সন্দেহ কিবা দুই নম্বৰী কামৰ লগত জড়িত থাকিব পাৰে গাড়ীখন ।
যাৰ বাবে এনেদৰে ৰাইজৰ চকুত ধূলি দি পলায়ন কৰিছে এল্টোখনৰ ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিলেহে ওলাই পৰিব ঘটনা প্ৰকৃত ৰূপ ।
লগতে পঢ়ক :WATCH | Donald Trump : ভাৰতৰ বিৰুদ্ধে ফুল এক্সন মুডত ড’নাল্ড ট্ৰাম্প