Local, Vocal, Global

মামাৰ পৰা স্কুটী বিচাৰি নলবাৰীত ছাত্ৰীৰ প্ৰতিবাদ

নিউজ ডেক্স, ২৬ জুলাই : এইবাৰ প্ৰতিবাদত কোনো দল সংগঠন নহয় ৰাজপথ নামিল কলেজীয়া ছাত্ৰী। ‘মামাৰ পৰা স্কুটী বিচাৰি’ নলবাৰীৰ ৰাজপথ কঁপালে ছাত্ৰীয়ে।

মঙলবাৰে ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে স্কুটী বিচাৰি নলবাৰীৰ ৰাজপথত প্ৰতিবাদ সাব্য়স্ত কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্কুটী বিচাৰি উত্তাল কৰে নলবাৰী চহৰ। ‘মামা আমাক স্কুটী দিয়ক’, ‘আমাৰ প্ৰাপ্য আমাক লাগিবই’ শ্ল’গানেৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধশতাধিক ছাত্ৰীয়ে।

উল্লেখ্য যে, ২০২১ বৰ্ষত সমগ্ৰ কোভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে মূল্যাংকণ পদ্ধতিত ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। যাৰ বাবে সেই বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক প্ৰদান কৰা হোৱা নাছিল প্ৰজ্ঞান ভাৰতী বঁটা।

প্ৰতিবাদকাৰী এগৰাকী ছাত্ৰীয়ে মন্তব্য় কৰে যে , ‘কোভিডৰ বাবে আমি জগৰীয়া নেকি? নিৰ্বাচনৰ পূৰ্বে মামাই ছোৱালীক স্কুটী আৰু ল’ৰাক বুলেট দিম বুলি প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীয়ে যিদৰে আনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে, সেইদৰে আমাক দিয়া প্ৰতিশ্ৰুতিও পূৰণ কৰিব লাগিব। আমাৰ প্ৰাপ্য আমাক লাগিবই।’