Local, Vocal, Global

ৰাস্তাৰ কুকুৰৰ সুৰক্ষাত নামিল JBF নামৰ এনজিঅ’ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মকৰ্তাসকল

ডিজিটেল ডেস্ক: ৰাস্তাৰ কুকুৰৰ সুৰক্ষাত নামিল JBF নামৰ NGOৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কৰ্মকৰ্তা। কুকুৰৰ পৰা হ’বলগীয়া জলাতংক ৰোগৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কৰ্মকৰ্তাসকলৰ।

মহানগৰীৰ বিভিন্ন প্ৰান্তত পদপথ, ৰাস্তাত ঘূৰি ফুৰা কুকুৰসমূহ ধৰি পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাৰো ব্যৱস্থা কৰোৱা হয়। সোণাপুৰৰ পশু সুৰক্ষা কেন্দ্ৰত চিকিৎসা প্ৰদান কৰোৱাৰ অন্তত পুনৰ মুকলি কৰি দিয়া হয় কুকুৰসমূহক।

মহানগৰীৰ পাণ্ডু অঞ্চলৰ পৰা যোৱা সময়ছোৱাত ধৰা ১০টা এনে কুকৰ চিকিৎসা কৰি পুনৰ পাণ্ডুত এৰি দিয়াৰ লগতে আজি পুনৰ ১০টা কুকুৰ চিকিৎসাৰ বাবে ধৰি নিয়ে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কৰ্মকৰ্তা আৰু স্বেচ্ছাসেৱী সংস্থাৰ এনে কাৰ্যক প্ৰশংসিত কৰিছে সচেতন মহলে।