শোনিতপুৰ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক: শোনিতপুৰ জিলাৰ খনামুখৰ নেৱাৰবস্তিৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
দুৰ্ঘটনাত নিহত যুৱকজন জামুগুৰিহটৰ জীয়াভৰলীপাৰৰ বুলি জানিব পৰা গৈছে। অশোকাষ্টমী মেলা চাই ঘৰলৈ উভতি অহাৰ পথতে ৰিকভাৰি ক্ৰেং গাড়ীৰ খুন্দাত নিহত হয় ৰাজীৱ মিলি নামৰ যুৱকজন।
নিহত বাইক আৰোহী ৰাজীৱ মিলিৰ বয়স আছিল ৪৫ বছৰ। তেওঁৰ ঘৰ বালিগাঁৱত বুলি জানিব পৰা গৈছে৷