দেৰগাওঁ আৰক্ষীৰ বিশেষ সফলতা
নিউজ ডেস্ক, ২৯ জুলাই : দেৰগাওঁ আৰক্ষীৰ বিশেষ সফলতা। অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু চুৰি ডকাইটিৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ থকা পলাতক লগান চাহানী।
দেৰগাঁৱৰ কুখ্যাত ডকাইত হিচাপে অভিযোগ থকা দিলিপ চাহানী ওৰফে লগান চাহানীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী।
দীৰ্ঘ দিন ধৰি দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত চুৰি ডকাইতিৰে সন্ত্ৰাস চলায় অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল লগান চাহানীৰ বিৰুদ্ধে।
ইয়াৰ পুৰ্বেও ধৃত লাগান সাহানীক পিষ্টল সহ কৰায়ত্ব কৰিছিল দেৰগাঁও আৰক্ষীয়ে আৰু পৰৱৰ্তী পৰ্যায়ত জেলৰ ভাতো খাব লগা হৈছিল ধৃত যুৱক লগান চাহানীয়ে। বিগত বহু দিন ধৰি দেৰগাঁও আৰক্ষীয়ে পলাতক হৈ থকা লগানক কৰায়ত্ব কৰিবলৈ জাল পেলাই ৰাখিছিল।
অৱশেষত বৃহস্পতিবাৰে বিয়লি দেৰগাঁও নিকতৱৰ্তী কাকডোঙাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা মেজিকেৰে আহি থকা অৱস্থাত যোৰহাট পুলিবৰ আৰক্ষী আৰু দেৰগাঁও আৰক্ষীয়ে গোপন সুত্রৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় ধৃত ডকাইতটোক।
বৰ্তমান লাগান সাহানীক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। সোধা পােছাৰ অন্তত ধৃত ডকাইতটোৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।