Local, Vocal, Global

দেশৰ ৰাজধানীত ৰহস্যজনকভাৱে মৃত্যু এগৰাকী অসমীয়া ছোৱালীৰ

নিউজ ডেস্ক, ২৯ জুলাই : পুনৰ দেশৰ ৰাজধানীত ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী অসমীয়া ছোৱালীৰ।

মৃত ছোৱালীজনীক দুলিয়াজানৰ শ্ৰদ্ধা বৰুৱা বুলি চিনাক্ত কৰা হৈছে। আনহাতে খবৰ অনুসৰি ছোৱালীজনী দিল্লীৰ ৰোহিণী চেক্টৰ ১৭-ত বাস কৰি আছিল।

উল্লেখ্য যে, উত্তম বৰুৱা আৰু স্বৰ্গীয় ৰঞ্জনা বৰুৱাৰ কন্যা শ্ৰদ্ধা বৰুৱাই বিগত পাঁচ মাহ ধৰি পৰা এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল।

আৰক্ষী আৰু তাইৰ বন্ধুবৰ্গৰ মতে, বুধবাৰে মুচুৰীৰ ধৰ্মশালাৰ (Dharamsala in Musoorie) এখন নদীত গা ধুবলৈ যোৱাৰ সময়ত শ্ৰদ্ধাৰ মৃত্যু হয়।

অৱশ্যে, তাইৰ পৰিয়ালে অভিযোগ কৰিছে যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। আনহাতে আৰ্থিক সমস্যাৰ বাবে তাইৰ শৰীৰটো অসমলৈ ঘূৰাই আনিব পৰা নাযাব।

সেয়েহে তাইৰ পৰিয়ালে চৰকাৰক শেষকৃত্য সম্পন্ন কৰিবলৈ মৃতদেহটো তাইৰ জন্মভূমিলৈ অনাত সহায় কৰিবলৈ আহ্বান জনাইছে।