অসম আৰক্ষীৰ বিশেষ সফলতা
নিউজ ডেস্ক, ১১ আগষ্ট : অসম আৰক্ষীয়ে ৰাজ্যখনত ABTৰ পাঁচটা মডিউল ধ্বংস কৰাৰ পিছত আল-কায়েদা ভাৰতীয় উপমহাদেশ (Al-Qaeda Indian Subcontinent , AQIS) আৰু বাংলাদেশস্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা দলৰ (Ansarullah Bangla Team , ABT) কাৰ্যকলাপ আৰু পৰিকল্পনা সমূহ Decode কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, AQIS/ABTয়ে অসম আৰু উত্তৰ-পূব অঞ্চলৰ অন্যান্য অংশৰ বাবে ডাঙৰ পৰিকল্পনা কৰিছিল আৰু অসম আৰক্ষীয়ে তেওঁলোকৰ পৰিকল্পনা decode কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, AQIS/ABT সদস্যসকলে যোগাযোগৰ বাবে বিশেষ আধুনিক মোবাইল এপ ব্যৱহাৰ কৰি আছিল। যোগাযোগ মোডটো অত্যন্ত অত্যাধুনিক। কিছুমান এপ্প ইনষ্টল কৰা হৈছে। কিছুমান লোক বাংলাদেশৰ পৰা আহিছে, তেওঁলোকে এপটো ইনষ্টল কৰিছে আৰু তেওঁলোকে কথা পাতিছে আৰু তাৰ পিছত তেওঁলোকে এপটো বন্ধ কৰি দিছে।
অসম আৰক্ষীয়ে এতিয়ালৈকে এজন বাংলাদেশী নাগৰিকসহ কমেও ৩১ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু এই বছৰৰ মাৰ্চৰ পৰা ৰাজ্যখনত AQIS/ABTৰ পাঁচটা মডিউল উদ্ধাৰ কৰিছে।