Special audit into Kejriwal’s home : ঘৰ মেৰামতিৰ নামত ৪৫ কোটি ব্যয় কৰি বিপদত কেজৰিৱাল
নেশ্যনেল ডেস্ক, ২৮ জুন : মুখ্যমন্ত্ৰী আৱাস মেৰামতি কৰি সংকটত পৰিছে মুখ্যমন্ত্ৰী কেজৰিৱাল। চৈতেন্দ্ৰ জৈন, মনীষ ছিছডিয়াৰ পাছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক টেঁটুচেপা ভাৰতীয় জনতা পাৰ্টিৰ (Special audit into Kejriwal’s home) । মেৰামতিৰ নামতে ৪৫ কোটি ধন ব্যয় কৰি এতিয়া বিপদত কেজৰিৱাল । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে কেজৰিৱালৰ এই বিয়াগোম বিত্তীয় অনিয়মৰ বিৰুদ্ধে CAGএ কৰিব তদন্ত । তদন্তত দোষী হ’লে জেললৈ যাব লগীয়া হ’ব পাৰে কেজৰিৱাল(Special audit into Kejriwal’s home) ।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহৰ শেহতীয়া সংস্কাৰ সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে ‘বিশেষ অডিট’ আৰম্ভ কৰিছে । প্ৰশাসনিক আৰু আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে আপৰ মুৰব্বীগৰাকীৰ চিভিল লাইনছৰ ঘৰটো বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
মোদী চৰকাৰৰ লক্ষ্য হৈ পৰিছে এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । মংগলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে অৰবিন্দ কেজৰিৱালৰ বিত্তীয় অনিয়নৰ বিৰুদ্ধে তদন্ত কৰিব CAGএ ।
উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে । বিজেপিৰ মতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী আৱাস মেৰামতিৰ নামত বিশাল পৰিমাণৰ প্ৰায় ৪৫ কোটি টকা ব্যয় কৰা দেখুওৱাইছে ।
এই তথ্য ফাদিল হোৱাৰ পাছতে নিজকে নীতিনিষ্ঠ তথা ৰজা হৰিচন্দ্ৰৰ অৱতাৰ বুলি আত্মশ্লাঘা কৰি অহা অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰে বিজেপিয়ে । বিজেপিৰ মতে কেজৰিৱালে জনতাৰ ধনেৰে এক ৰাজকীয় জীৱন কটাবলৈ আৱাস মেৰামতিতে এই বিশাল পৰিমাণৰ ধন ব্যয় কৰিছে । ইমানেই নহয় বিজেপিয়ে অভিযোগ কৰা অনুসৰি কেজৰিৱালে মুখ্যমন্ত্ৰী আৱাস মেৰামতিৰ নামত বিত্তীয় অনিয়মো সংঘটিত কৰিছে । বিজেপিৰ এই অভিযোগৰ পাছতে এল-জিৰ কাৰ্যালয়ে মুখ্য সচিবক ১৫ দিনৰ ভিতৰত সকলো ৰেকৰ্ড কৰি পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল, আৰু ইয়াৰ পাছতে দিল্লী উপ ৰাজ্যপাল ভি কে ছাক্সেনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে।
এল জিৰ দাবী, মুখ্যমন্ত্ৰী কেৰিৱালে সংঘটিত কৰিছে বিত্তীয় অনিয়ম । মেৰামতিত প্ৰয়োজনতকৈ তিনিগুণ অধিক খৰচ কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে মেৰামতিৰ আঁচনিৰ বিভাগীয় অনুমোদন লোৱা নাছিল মুখ্যমন্ত্ৰী কেজৰিৱালে।
অভিযোগ অনুসৰি, ১০ কোটি টকাতকৈ কমকৈ কেবাবাৰো নিবিদা আহ্বান কৰিছিল কেজৰিৱালে। তদন্ত আৰু PWDৰ অনুমোদনৰ পৰা ৰক্ষা পাবলৈ কৰা হৈছিল এই কাম।
দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৈ প্ৰেৰণ কৰাৰ পত্ৰত এইসমূহ বিস্ফোৰক অভিযোগ কৰিছে । এল জি ছাক্সেনাৰ মতে মুখ্যমন্ত্ৰী কেজৰিৱালে গড় কাপ্তানি বিভাগৰ অনুমোদন আৰু ভৱিষ্যতে হবলগীয়া তদন্তৰ পৰা হাত হাৰি থাকিবলৈ কেবাবাৰো নিবিদা আহ্বান কৰিছিল।
ইফালে এল জি ছাক্সেনাই সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু PWDৰ বিভাগৰ প্ৰতিবেদনৰ ভিত্তিত এই পত্ৰ প্ৰেৰণ কৰা বুলি দাবী কৰিছে।
উল্লেখ্য যে দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সংঘাত কোনো নতুন কথা নহয়। দিল্লীৰ প্ৰশাসনিক ক্ষমতাকলৈ দুয়োখন চৰকাৰৰ মাজৰ সংঘাতে তুংগত উঠিছে । উচ্চতম ন্যায়ালয়ৰ মজিয়া পোৱাৰ পাছতো এই সংঘাত মীমাংসা হোৱা নাই । বৰং উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ সপক্ষে ৰায় দিয়াৰ পাছতো মোদী চৰকাৰে অধ্যাদেশ আনি দিল্লী চৰকাৰৰ প্ৰশাসনিক ক্ষমতা কাঢ়ি নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।
কেৰজিৱালৰ সতীৰ্থ জৈন আৰু চিছদিয়াৰ পাছতে মোদী চৰকাৰে কেজৰিৱালৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ কাৰ্যই সেয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। মোদী চৰকাৰৰ বিৰুদ্ধে যুদ্ধংদেহী হোৱা আৰু পাটনাৰ বিৰোধী ঐক্যৰ বৈঠকত কেজৰিৱালে অংশগ্ৰহণ কৰাৰ পাছতে মোদী চৰকাৰে লোৱা এই পদক্ষেপক ৰাজনৈতিক আক্ৰোশমূলক বুলিও চৰ্চা লাভ কৰিছে । কাৰণ মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱা প্ৰায়বোৰ ৰাজনৈতিক নেতাকে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ লগতে কাৰাৰুদ্ধ কৰাতো এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বাবে তেনেই সুলভ কথা হৈ পৰিছে।
লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক বৰ্খাস্তৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ