দক্ষিণ কোৰিয়াই অসমৰ একাধিক খণ্ডত বিনিয়োগ কৰিবলৈ আগ্ৰহী
কোৰিয়া গণৰাজ্যৰ দূতাবাস আৰু কোৰিয়ান বাণিজ্য – বিনিয়োগ প্ৰচাৰ সংস্থা (কেঅ’টিআৰএ)ৰ নেতৃত্বত দক্ষিণ কোৰিয়াৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে বৃহস্পতিবাৰে বাণিজ্য আৰু উদ্যোগ বিভাগৰ সচিব মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সৈতে বৈঠকৰ বাবে গুৱাহাটী ভ্ৰমণ কৰে।
বৈঠকত অসম আৰু দক্ষিণ কোৰিয়া চৰকাৰৰ মাজত অৰ্থনৈতিক আৰু দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰা হয়, যাৰ ফলত প্ৰতিনিধিদলসমূহে ৰাজ্যখনৰ স্বাস্থ্যসেৱা আৰু অন্যান্য প্ৰকল্পৰ প্ৰতি আগ্ৰহ দেখুৱায়। বৈঠকত খাদ্য প্ৰক্ৰিয়াকৰণ, আন্তঃগাঁথনি আৰু পৰ্যটনৰ দৰে অন্যান্য খণ্ডৰ বিষয়েও আলোচনা কৰা হয়।
প্ৰতিনিধি দলটোৱে অসম চৰকাৰক আশ্বাস দিয়ে যে কোৰিয়াৰ কোম্পানীসমূহক ৰাজ্যখনত বিনিয়োগৰ বাবে উৎসাহিত কৰা হ’ব।
“কোৰিয়াই ১৯৯০ ৰ দশকৰ পৰা মুখ্যতঃ স্বয়ংচালিত, ইলেক্ট্ৰনিক্স আৰু ৰাসায়নিক খণ্ডত বিনিয়োগ কৰিছে আৰু এতিয়া ফাৰ্মাচিউটিকেল, জৈৱিক কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু পৰ্যটনৰ দৰে বিভিন্ন উদ্যোগলৈ ইয়াৰ আগ্ৰহ সম্প্ৰসাৰিত কৰিব বিচাৰিছে।” – কোৰিয়া গণৰাজ্যৰ দিল্লীস্থিত দূতাবাসৰ এজন বিষয়া কোৱাং চিওকয়াঙে অৱগত কৰে।
তদুপৰি, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কোৰিয়ান মিছনৰ পৰা কোৰিয়ান নিৰ্মিত সুৰক্ষা মুখা আৰু থাৰ্মোমিটাৰ লাভ কৰিছিল।