Local, Vocal, Global

SOP- হাস্পতাললৈ অহা ৰোগীৰ প্ৰয়োজন নাই ক’ভিড পৰীক্ষা

নিউজ ডেস্ক,১৪ ফ্ৰেব্ৰুৱাৰীঃ অৱশেষত ক’ভিড সংক্ৰান্তীয় বাধা-নিষেধসমূহ আঁতৰিল। সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে ক’ভিড সংক্ৰান্তীয় নতুন এছঅ’পি। অহা ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে ক’ৰণাৰ সকলোধৰণৰ বাধা-নিষেধ প্ৰত্যাহাৰ কৰিছে। এই নতুন এছঅ’পি অনুসৰি এতিয়াৰে পৰা চিকিৎসালয়লৈ অহা ৰোগীৰ প্ৰয়োজন নহ’ব ক’ভিড টেষ্টৰ। তাৰোপৰি বিমানবন্দৰ, ৰে’লৱে ষ্টেচনতো কৰাব নালাগে ক’ভিড টেষ্ট। প্ৰত্যাহাৰ কৰা হৈছে সকলো বাধা নিষেধ।