Local, Vocal, Global

CWC meeting in Telangana : আৰম্ভ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ প্ৰথমখন বৈঠক

নেশ্যনেল ডেস্ক, ১৬ছেপ্তেম্বৰ : আজিৰে পৰা হায়দৰাবাদত অনুষ্ঠিত হয় কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক । কেইবাখনো ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । মিত্ৰজোঁট ‘I.N.D.I.A’ গঠন হোৱাৰ পাছতে দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ প্ৰথমখন বৈঠক(CWC meeting in Telangana) ।

এই বৈঠকৰ বাবে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, এআইচিচিৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ লগতে বহু কংগ্ৰেছ নেতা হায়দৰাবাদত উপস্থিত হয় । শনিবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ লগতে দেওবাৰে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা আছে তেওঁলোকৰৰ । এই বছৰতে দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব আৰু তাৰ প্ৰাকক্ষণত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে(Sonia Gandhi Rahul Gandhi and Mallikarjun Kharge arrive in Hyderabad for CWC meeting) ।

ইফালে দেওবাৰে অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চিডব্লিউচি) বৈঠক। বিগত কেইদিনমানৰ পৰা সকলো নেতায়ে জনসভাৰ প্ৰস্তুতি আৰু জনসমাবেশৰ বাবে ব্যস্ত হৈ আছে ।

উল্লেখ্য যে দিল্লীৰ বাহিৰত, তেলেংগানাৰ দৰে ৰাজ্যত য’ত কংগ্ৰেছ শাসনত নাই তাত চিডব্লিউচি বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তক লৈ ৰাজ্যখনৰ নিৰ্বাচনক অগ্ৰাধিকাৰ দিয়াটো সূচাইছে । কাৰণ দলৰ নেতাসকলৰ বিশ্বাস কৰে যে এই বৈঠকে পৰৱৰ্তী বিধায়িনী নিৰ্বাচনত জয়ী হ’বলৈ আৰু তেলেংগানাত কংগ্ৰেছৰ ক্ষমতা অহাৰ প্ৰচেষ্টাক অৰিহণা যোগাব । সেই কাৰণেই তেলেংগানাৰ নেতাসকলে চিডব্লিউচি বৈঠক আৰু ৰাজহুৱা সভাৰ সফলতাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰি আছে(Top Congress leaders arrive in Hyderabad for CWC meet) ।

উল্লেখ্য যে, কেন্দ্ৰই অনা এক ৰাষ্ট্ৰ আৰু এক নিৰ্বাচনৰ ধাৰণাটোক লৈ কংগ্ৰেছ নেতাসকলে এই বৈঠকত ৰণনীতি প্ৰস্তুত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী চিডব্লিউচিৰ বৈঠকস্থলীত উপস্থিত হৈছে । দলৰ নেতা আৰু কেডাৰসকলে কংগ্ৰেছ নেতাসকলক উষ্ম আদৰণি জনাই ।

বৰ্তমানৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাবে চিডব্লিউচি হায়দৰাবাদৰ সন্মিলন অধিক গুৰুত্বপূৰ্ণ কিয়নো এইখন তেওঁ পুনগঠন কৰা সমিতিৰ প্ৰথম বৈঠক । চিডব্লিউচিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ হায়দৰাবাদলৈ ৰাওনা হোৱাৰ পূৰ্বে দিল্লীত ভাষণ দি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, তেওঁলোকে এই বৈঠকত আগন্তুক ৫ খন ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিব ।লগতে চিডব্লিউচিৰ পৰৱৰ্তী বৈঠকত নৱগঠিত ‘I.N.D.I.A’ ব্লকৰ ওপৰতো আলোচনা কৰিব বুলি তেওঁ কয় ।

লগতে পঢ়ক :CWC meet in Hyderabad to focus on Telangana : আজিৰে পৰা হায়দৰাবাদত অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক