Local, Vocal, Global

সোণাৰিৰ অকলশৰীয়া চুইট ছাৰে এতিয়া পাব লগৰীয়া !

নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰ : আজীৱন শিক্ষাৰ পোহৰ বিলোৱা সোণাৰিৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ চাফাজুক হুছেইন উৰফে চুইট ছাৰৰ দুৰ্বিসহ জীৱন গাঁথাৰ বাতৰিয়ে চকু কপালত তুলিছে সচেতন মহলৰ।

২০০৮ চনতে সোণাৰিৰ পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা এইগৰাকী চুইট ছাৰে উলংঘন হৈ বন্দীত্বৰ জীৱন কটাইছিল নিজ গৃহত।

পত্নীৰ মৃত্যুৰ পাছৰেপৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা চুইট ছাৰৰ একমাত্ৰ কন্যাই পিতৃৰ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যাই বহু বছৰ ধৰি নিজৰ পিতৃক চাবলৈ এবাৰলৈও ঘৰলৈ নহাৰ বিপৰীতে পিতৃৰ বেংক একাউণ্ট নিজৰ নামত হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে।

সোণাৰি নগৰৰ মাজমজিয়াত বিশাল সম্পত্তি থকা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক চাবলৈ এগৰাকী পৰিচাৰিকা নিয়োজিত হৈ আছিল যদিও ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া ঘটনাই চকু কপালত তুলিছিল সকলোৰে।

এই সমগ্ৰ তথ্য সংবাদ মাধ্যম যোগে প্ৰচাৰিত হোৱাৰ পিছত চুইট ছাৰৰ দায়িত্ব লবলৈ আগবাঢ়ি আহিল নাজিৰাৰ Human Welfare Society নামৰ স্বেচ্ছা সেৱী অনুষ্ঠানটোৰ সদস্য সকল।

মানসিক ৰোগী সকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে কাম কৰি থকা অনুষ্ঠানটোৰ সদস্য সকলে আজি চুইট ছাৰক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যায়।