তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ এজন BSF কনিষ্টবলৰ মৃতদেহ
নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ খোৱাই জিলাৰ মুখ্য কাৰ্যালয়ত উদ্ধাৰ হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) এজন কনিষ্টবলৰ মৃতদেহ।
মৃত BSFৰ কনিষ্টবলজনক বালু ৰাম কুৰি (৩২) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, BSF কনিষ্টবলজনক তেলিয়ামুৰা অঞ্চলৰ খাচিয়ামঙ্গল (Khasiyamangal) খণ্ডৰ মুখ্য কাৰ্যালয়ত নিযুক্তি দিয়া হৈছিল। তেওঁ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত sentry dutyত আছিল।
বাতৰি অনুসৰি, মৃতদেহটো খণ্ডৰ মুখ্য কাৰ্যালয়ৰ ভিডিঅ’ কনফাৰেন্স ৰুমত তেজৰ চেকুৰাৰ সৈতে পৰি থকা দেখা গৈছিল।
বৰ্তমান সময়লৈকে তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
তেলিয়ামুৰাৰ SDPO সোনাচৰণ জামাতিয়াই কয় যে “তেওঁৰ মৃতদেহ তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা অৱস্থাত পোৱা গৈছিল। আমাৰ বিষয়াসকল ঘটনাস্থলীলৈ গৈছিল আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত হে মৃত্যুৰ কাৰণ জানিব পাৰিব। আমি এটা অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰিছো,”।