Local, Vocal, Global

গৰু এৰাল দিবলৈ গৈ কৰুণ মৃত্যক সাৱটিলে এগৰাকী মহিলাই

চৰাইদেউ জিলাৰ টেঙাপুখুৰীত সংঘটিত এক শোকাৱহ ঘটনা। গৰু এৰাল দিবলৈ গৈ কৰুণ মৃত্যক সাৱটিলে এগৰাকী  মহিলাই। টেঙাপুখুৰী কুকুৰাচোৱা গাঁৱৰ চেনেহী বৰুৱা নামৰ মহিলাগৰাকীয়ে পথৰ কাষত থকা বৈদ্যুতিক খুঁটাত গৰু এৰাল দিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ।

স্থানীয় ৰাইজৰ মতে বিদ্যুৎ প্ৰৱাহিত হৈ থকা খুঁটাটোৰ চাৰিওফালে পানীৰে পৰিপূৰ্ণ হৈ থকাত মহিলাগৰাকী বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰে। পিছত টেঙাপুখুৰী আৰক্ষীৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে মহিলাগৰাকীয়ে দুগৰাকী কন্যাৰ সৈতে বৈধব্যৰ যাতনাৰে তিনিজনীয়া পৰিয়ালটো কোনোমতে ভৰণ-পোষণ দি আহিছিল।