WATCH | Sonari News : পুৱা ৭.৩০ বজাৰে পৰা আৰম্ভ হ’ল বিদ্যালয়ৰ পাঠদান
সোণাৰি,১১জুন : পুৱা ৭.৩০ বজাৰে পৰা আৰম্ভ হ’ল বিদ্যালয়ৰ পাঠদান। বিদ্যালয়ৰ সময়সূচী সলনি কৰা কাৰ্যক সমৰ্থন সোণাৰিৰ অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ।
বিগত কিছুদিন ধৰি অসমত অস্বাভাৱিক ভাবে উষ্ণতা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ সাধাৰণ জীৱন যাত্ৰাত ব্যপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে উৎকট গৰমৰ মাজতে বিদ্যালয়লৈ আহি পাঠ গ্ৰহণ কৰিব লগা হৈছে যাৰ ফলত শিক্ষাৰ্থী সকলৰ স্বাস্থ্যত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল(Sonari News)।
ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয়ৰ সময় সূচী সলনি কৰিছে। পূৰ্বৰ বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ সময় সলনি কৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পুৱা ৭.৩০ বজাৰ পৰা বিদ্যালয় আৰম্ভ কৰাৰ চৰকাৰী ভাবে নিৰ্দেশ দিয়া হৈছিল।
চৰকাৰৰ এই নিৰ্দেশ পালন কৰি আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয়ৰ পাঠদান নতুন সময়সূচী মতে আৰম্ভ হৈছে। চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষয় আদৰণি জনাইছে।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও শান্তিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা