Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁও শান্তিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেৰগাঁও,১০জুন : দেৰগাঁও শান্তিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

দেৰগাঁও ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শান্তিপুৰত ৰাস্তাৰ কাষত থকা এজনী গৰু প্ৰচন্দ বেগেৰে খুন্দা মাৰে এখন স্কুটি চালকে। নুমলীগড় দিশৰ পৰা দেৰগাঁও অভিমুখে আহি আছিল যুৱক জন।ফলত গুৰুতৰভাৱে আহত হয় আৰোহীজন(Dergaon News)।আহত স্কুটি আৰোহীজনৰ ঘৰ যোৰহাট কেন্দুগুৰি বুলি জানিব পৰা গৈছে। যুৱক জনৰ নাম দিগন্ত বৰা। দুৰ্ঘটনাত পতিত হোৱা স্কুটি খনত নম্বৰ হৈছে AS03AK3364।

ঘটনাস্থলীত দেৰগাঁও যানবাহন আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত ব্যক্তিজনক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰ আৰক্ষী থানাৰ ASI ৰাকেশ কুমাৰ সিংহৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ