Local, Vocal, Global

WATCH | Sonari News : বিদ্যুৎ উৎপাদন কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন

সোণাৰি,৪জুন : অসমত বিদ্যুতৰ চাহিদা কম থকা বুলি অজুহাত দেখুৱাই যোৱা ২৫ আৰু ৩০ মে’ ত অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প ,নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ আৰু লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ উৎপাদন উৰ্ধতন কৰ্তৃপক্ষই বন্ধ কৰি দিয়া বিষয়টোত সৰব হৈ পৰিছে আসাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন(Sonari News)৷

আজি লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত তিনিওটা শক্তি কেন্দ্ৰৰ ইউনিয়নৰ সদস্য সকলৰ এখন সভা অনুষ্ঠিত হয়৷ সভাত সমগ্ৰ বিষয় পুংখানুপুংখভাৱে আলোচিত হয়৷

এয়া এক ষড়যন্ত্ৰ বুলি অভিহিত কৰি সভাখনিত এনে কাৰ্যৰ দ্বাৰা বিদ্যুত উৎপাদন কেন্দ্ৰ কেইটাত কৰ্মৰত কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ লগতে বিদ্যুত যোগানত নিয়োজিত কৰ্মচাৰী সকলৰ অনাগত ভৱিষ্যতত ই কু-প্ৰভাৱ পেলাব বুলি সদৌটিয়ে একেলগে মত পোষণ কৰে৷ সভাত চৰকাৰে অদূৰ ভৱিষ্যতে হঠাৎ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে ইউনিয়নে অসমৰ অন্যান্য দল সংগঠন আৰু জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে৷

লগতে পঢ়ক : WATCH | Jorhat News : বিৰ্তকিত আজাদ চৌধুৰীয়ে অৱৈধ ভাৱে চৰকাৰী মাটি দখল কৰি ভাড়া দিছিল বহু লোকক