WATCH | Goreswar News : গোৰেশ্বৰত বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী প্ৰেক্ষাগৃহ উদ্বোধন
গোৰেশ্বৰ,৪জুন : গোৰেশ্বৰত বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী প্ৰেক্ষাগৃহ উদ্বোধন।
প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে।
বড়ো সাহিত্য সভাৰ ওচৰতে নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটো উদ্বোধন কৰি প্ৰমোদ বড়োৱে বিটিআৰৰত সভা,সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ বাবে হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৪০টা পৰিষদীয় সমষ্টিত মুঠ ৫২টা সুজিত নাৰ্জাৰী সোঁৱৰণী প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা বুলি উল্লেখ কৰে(Goreswar News)।
আনহাতে আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিয়ে ৩০টা সমষ্টিত নিৰ্বাচন খেলাৰ পৰিবেশ আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিটিআৰ প্ৰধানগৰাকীয়ে কয় – ইউপিপিএলে ইউপিপিএলৰ ষ্টেণ্ডত যাব আৰু বিজেপিয়ে বিজেপিৰ ষ্টেণ্ডত যাব ।বিজেপিয়ে কেইটাত খেলিব সেয়া তেওঁলোকে সিদ্ধান্ত লব আৰু আমি কেইটাত খেলিম সেইয়া আমি সিদ্ধান্ত লম। অহা ৮ জুলাইত CWC ৰ সভাত সকলো সিদ্ধান্ত লোৱা হ’ব ।
আনহাতে বিপিএফৰ লগত জিএছপিৰ মিত্ৰতাকলৈ শংকিত নেকি বুলি সোধাত প্ৰমোদ বড়োৱে কয়- জিএছপি নহয় কিবা কিবি এছ পি আহিলেও আমি চিন্তা নকৰোঁ। কিয়নো বিপিএফৰ লগত যুঁজিয়ে আমি এই পৰ্যায়লৈ আহিছো। গতিকে বিপিএফক লৈ আমাৰ চিন্তা কৰিব লগা নাই।
লগতে পঢ়ক : WATCH | Sonari News : বিদ্যুৎ উৎপাদন কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন