Watch | SMSS & KMSS Protest,Chapar: “যদি বাংলাদেশী যদি তেন্তে, কিয় ৫০ হাজাৰৰ চেক প্ৰদান কৰিছে উচ্ছেদিতক”
চাপৰ: চাপৰত চাপৰ ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্দ্যোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচি।
চাপৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অনিৰ্দিষ্টকাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
হাতে হাতে প্লে কাৰ্ড লৈ “প্ৰকৃত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক,ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ চক্ৰান্ত চলিছে চাপৰৰ চৰুৱাবাখৰাৰ উচ্ছেদিতৰ। যদি বাংলাদেশী যদি তেন্তে ,কিয় ৫০ হাজাৰৰ চেক প্ৰদান কৰিছে উচ্ছেদিতক ,উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰক”
আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।লগতে উচ্ছেদিত পৰিয়াল সমূহক অতি সোনকালে পুনৰ সংস্থাপন নকৰিলে পৰবৰ্তী সময়ত ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সংগঠন দুটাই ভাবুকি দিয়ে।